দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটীৰ দিশপুৰ মহাবিদ্যালয় ৰ ইংৰাজী বিভাগ আৰু আভ্যন্তৰীন গুণগত মাপ নিৰ্ণয়ক কোষ আৰু অসম কলেজ গ্ৰন্থাগাৰীক সন্থাৰ সহযোগত যোৱা ১১ জুলাই শনিবাৰে সন্ধিয়া ৬.৩০ বজাৰ পৰা ৮.৩০ বজালৈ 'লেংগুৱেজ এণ্ড কমিউনিকেশ্বন ফৰ লিভিং এণ্ড ৱৰ্কিং' শীৰ্ষক বিষয় বস্তুৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত হৈ যায়।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অমৰ শইকীয়াৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা সন্মিলনখনত বিষয় সূচক বক্তৃতা প্ৰদান কৰে ভাৰতবৰ্ষৰ আগশাৰীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা প্ৰাক্তন বিভাগীয় প্ৰধান ড০ মায়া শংকৰ পাণ্ডে আৰু সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে একেখন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ কৃষ্ণ মোহন পাণ্ডে ।

ইংৰাজী হৈছে পৃথিৱীৰ ভিতৰতে এক কঞ্চিষ্টেন্ত ভাষা ।এই ভাষা আয়ত্ত কৰোতে উচ্চাৰণ, যথাৰ্থাতা, প্ৰয়োজনীয় পৰিবেশ, ফ্লুৱেঞ্চি আদি সকলো দিশতে গুৰুত্ব দিবলৈ অধ্যাপক মায়া শংকৰ পাণ্ডে তেওঁৰ ভাষণত আহ্বান জনায় । কমিউনিকেচন মানেই হৈছে বুজিব পৰা এক বিশেষ কলা বুলি স্পিচ এক্ট , শাৰীৰিক চালচলন আদি বিভিন্ন উদাহৰণ সহ সমল ব্যক্তি হিচাপে অধ্যাপক কৃষ্ণ মোহন পাণ্ডে ব্যাখ্যা আগবঢ়ায় ।

অসম কলেজ গ্ৰন্থাগাৰীক সন্থাৰ আই চি টি কোষৰ তথা কলিয়াবৰ কলেজৰ গ্ৰন্থাগাৰীক ড০ বীৰেন্দ্ৰ পাল আৰু দিশপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক তথা আই কিউ এ চি ৰ সমন্বয় ক ড ০ অজয় মিত্ৰ ই ৱেব সন্মিলনখত কাৰিকৰী দিশ তদাৰক কৰে।বৰ্তমানৰ জটিল পৰিস্থিতিত ছাত্ৰ সমাজক ভাষা আৰু যোগাযোগৰ বিভিন্ন দক্ষতা সম্পৰ্কে আলোচনা হোৱা সন্মিলনখনত ৱেব সন্মিলনৰ আহ ভায়াক তথা দিশপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই মহাৰাষ্ট্ৰ, হাৰিয়ানা, ছত্তীশগড়, উৰিষ্যা,পশ্চিম বংগ,উত্তৰ প্ৰদেশ,অসম আৰু নাইজেৰিয়াৰ পৰা অংশ গ্ৰহণ কৰা সকলোকে আদৰণি জনায়।

ৱেব সন্মিলনৰ আয়োজক সমিতি অসম কলেজ গ্ৰন্থাগাৰিক সন্থা ৰ সাধাৰণ সম্পাদক তথা মহানগৰীৰ কে চি দাস বাণিজ্য মহাবিদ্যালয় ৰ গ্ৰন্থাগাৰীক ড০ প্ৰশান্ত কুমাৰ ডেকাই যোৱা তিনিমাহ ধৰি অসমৰ বিভিন্ন মহাবিদ্যায়ৰ সৈতে উনসত্তৰ খন ৱেবিনাৰ সফলতাৰে আয়োজন কৰি কৰোনা অতিমাৰীৰ এই সময়চোৱাত শৈক্ষিক দিশত অৱদান আগবঢ়াব পাৰৰ বাবে সকলোকে ধন্যবাদ জনায়। দিশপুৰ মহাবিদ্যালয় ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ড০ জ্যোতিষ গোস্বামীৰ শলাগৰ শৰাইৰে সন্মিলনৰ সামৰণি পৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in