দিশপুৰ বিকাশ মঞ্চত নাগৰিকৰ উপস্থিতিয়ে মোৰ বাবে অক্সিজেনঃ জয়ন্ত দাস…VIDEO

দিশপুৰ বিকাশ মঞ্চত নাগৰিকৰ উপস্থিতিয়ে মোৰ বাবে অক্সিজেনঃ জয়ন্ত দাস…VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ মই পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ পৰাই অসম আন্দোলনৰ শ্লগান দিছিলো । তেতিয়াৰ পৰা সমাজত কাম কৰাৰ এক মানসিকতা পুহি ৰাখিছিলো । যিটো আজি নাগৰিকৰ এই উপস্থিতিত মই অক্সিজেন লাভ কৰিছো । যাৰ জৰিয়তে সমাজৰ কামত মনোনিৱেশৰ বাবে দিছপুৰৰ সামগ্ৰিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মঞ্চ গঠনৰ বাবে এই সভাৰ আয়োজন কৰা হয়।

বৃহস্পতিবাৰে মহানগৰীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দিশপুৰ বিকাশ মঞ্চৰ সভাত এইদৰে কয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা জয়ন্ত দাসে। দিনৰ ১২ বজাত অনুষ্ঠিত সভাখনত দিছপুৰবাসীৰ সমস্যাবোৰৰ সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে এখন সমিতি গঠন কৰে এই বিকাশ মঞ্চই । ইফালে এই বিকাশ মঞ্চৰ সভাত উপস্থিত থাকি আৰ এছ এছৰ প্ৰচাৰ প্ৰমূখ তীৰ্থশংকৰ দাসে সমষ্টিৰ সমস্যা সম্পৰ্কে আলোকপাত কৰাৰ লগতে সমষ্টিত সেৱাৰ মনোভাৱেৰে সংগঠনৰ দৰকাৰ ।

কেৱল নেতা হোৱাৰ মানসিকতাৰ ফেক্টৰীৰূপে সংগঠন সৃষ্টি হব নালাগে আৰু তাৰ বিপৰীতে সমষ্টিৰ বিকাশ গঢ়াতহে সংগঠনৰ দায়িত্ব হোৱা উচিত যত দিছপুৰ বিকাশ মঞ্চ সংগঠনটোৰ লাগিব লক্ষ্য আৰু উদ্দেশ্য বুলি লগতে উল্লেখ কৰে।

তদুপৰি হিন্দু সভ্যতাৰ বিকাশক লৈ দূৰদৃষ্টি, লক্ষ্য -উপায় আদি সম্পৰ্কে বিশদ বক্তৃতা আগবঢ়ায় আমেৰিকাৰ প্ৰখ্যাত কেমিকেল বিজ্ঞানী ডা: বিকুল দাসে । সভাত বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, যুৱ মৰ্চাৰ সভাপতি মানসপ্ৰতিম দাসৰ লগতে দিছপুৰৰ সমষ্টিৰ বিভিন্ন সংগঠন, বিজেপিৰ বিষয়ববীয়া আৰু সমষ্টিবাসীৰ স্থানীয়লোক আদি উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in