শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ভবা ধৰনে নেখেলিলে তেওঁলোকে, আইপিএলত নিৰাশাজনক প্ৰদৰ্শন ৫ দ্বিগজ খেলুৱৈৰ…

539

ডিজিটেল ডেস্ক : য়ুএইত অনুষ্ঠিত আইপিএলৰ বৰ্তমানলৈ আধা সমখ্যক খেলৰ সমাপ্ত ঘটিছে । আইপিএলত খেলুৱৈ সকলৰ বেটিং তথা বলিংৰ নিৰাশাজনক প্ৰদৰ্শনে ক্ৰিকেট বিশেষজ্ঞ সকলৰ লগতে অনুৰাগী বোৰকো হতাশ কৰি তুলিছে । এই বৰ্ষৰ আইপিএলত কিছু সংখ্যক যুৱ খেলুলৈৰ প্ৰদৰ্শনে ভবিষ্যতৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে জ্যেষ্ঠ খেলুৱৈ সকলৰ প্ৰদৰ্শনে হতাশগ্ৰস্ত কৰি তুলিছে ।

কাৰ্তিক ত্যাগী.দেভদত্ত পডিক্কলৰ নিচিনা যুৱ খেলুৱৈ সকলে নিজৰ প্ৰতিভাৰ উমান দিছে । আনহাতে এবি ভিৰ্লিয়াছ,বিৰাট কহোলী,শিখৰ ধবন,কে এল ৰাহুল, মায়ংক আগৰৱাল আৰু পোলাৰ্ডৰ দৰে খেলুৱৈ সকলে ফেনচৰ মাজত কিছু পৰিমানে আশাৰ সঞ্চাৰ কৰিছে যদিও যিবোৰ খেলুৱৈক লৈ অনুৰাগীয়ে আশা কৰিছিল সেই সকলে অনুৰাগীৰ সন্তুষ্ট কৰি প্ৰদৰ্শন কৰিব পৰা নাই বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।

আইপিএলত মহেন্দ্ৰ সিং ধোনী, গ্লেন মেস্কৱেল,আন্দ্ৰে ৰাচেল,এৰ’ন ফিণ্স,প্যাট কামিন্স আদি খেলুৱৈ সকলে আশা কৰা ধৰনে প্ৰদৰ্শন কৰিব পৰা নাই । ১৪ মাহৰ পিছত খেলপথাৰত নমা ধোনীয়ে ১০ খন খেলত ১৬৪ ৰাণ সংগ্ৰহ কৰিছে ।আন্দ্ৰে ৰাচেলে ৯ খন খেলত সংগ্ৰহ কৰিছে ৯২ ৰাণ আনহাতে ২০১৯ বৰ্ষৰ খেলত ৫১০ ৰাণ সংগ্ৰহ কৰিছিল খেলুৱৈ জনে । প্যাট কামিন্সে ৯ খন খেলত মাত্ৰ ৩টা উইকেট দখল কৰি নিৰাশজনক প্ৰদৰ্শন অব্যাহত ৰাখিছে । অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটচমেন গ্লেন মেস্কৱেলে ১০ খন খেলত ৯০ ৰাণ সংগ্ৰহ কৰিছে । এৰ’ন ফিণ্সে এই বৰ্ষত ৯ খন খেলত ২০৫ ৰাণ সংগ্ৰহ কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি