ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ

ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বৃহস্পতিবাৰে পুৱতি নিশা বিশ্বনাথ জিলাৰ চতিয়াৰ ডিপলোঙা বাগিচাৰ ১৫ নম্বৰ লাইনত সংঘটিত নৃশংস ঘটনাৰ লগত জড়িত ১১জন অপৰাধীক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত অপৰাধী কেইজন ক্ৰমে- তুফান মুণ্ডা, অমিত ঘাটোৱাৰ, দেৱেন মুণ্ডা, প্ৰণৱ টুৰি, শংকৰ মুণ্ডা, মহেন্দ্ৰ কুচা, জীৱন পাটৰ, হৰিসিং পাটৰ, কৰ্ম মুণ্ডা, কেশৱ ঘাটোৱাৰ আৰু দীপেন্দ্ৰ পাটৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭/১৪৮/১৪৯/৩৪২/৩২৫/৩২৬/৩০৭/৩০২ ধাৰাৰ অধীনত চতিয়া থানাৰ ১২৬/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।

বিশ্বনাথ আদালতত বৃহস্পতিবাৰে হাজিৰ কৰোৱা পিছত ৭ জনক জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে তুফান মুণ্ডা, শংকৰ মুণ্ডা আৰু প্ৰনৱ টুৰিক তিনিদিনৰ আৰক্ষীৰ জিম্মাত দিয়া হয়। তুফান, শংকৰ আৰু প্ৰনৱৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি আৰক্ষীয়ে বাগিচাখনৰে ১৫ নং লাইনৰ পৰা দীপেন্দ্ৰ পাটৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, গাহৰি ব্যৱসায় কৰা ফুলছন চাহু, বিজয় নায়ক, পুলেন ৰাজবংশী আৰু বিজয় ৰাজবংশীক চতিয়াৰ ডিপলোঙা চাহ বাগিচাত এই ধৃত কেইজনৰ নেতৃত্বত একাংশ উন্মাদ লোকে গৰু চোৰৰ অভিযোগত দা, লাঠি, লোৰ ৰ'দেৰে আক্ৰমণ কৰিছিল। ফলত বিজয় ৰাজবংশী নিহত হোৱাৰ লগতে আন তিনিজন গুৰতৰভাৱে আহত হৈছিল।

বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী আৰু চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ বিশেষ তৎপৰতাৰ ১১জন অভিযুক্ত গ্ৰেপ্তাৰ হয়। ৰাইজে অভিযুক্ত কেইজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in