ন-বোৱাৰীৰ ৰূপত ৰণবীৰৰ ঘৰত সোমালহি দীপিকা, চাওঁক VIDEO

ন-বোৱাৰীৰ ৰূপত ৰণবীৰৰ ঘৰত সোমালহি দীপিকা, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ঘৰ সোমালহি লখিমী। ৰণবীৰ সিঙৰ ঘৰত এতিয়া উৎসাহে ভৰি পৰিছে। কিয়নো ঘৰলৈ আহিছে বোৱাৰীৰ ৰূপত দীপিকা। ইটালীত ১৪ আৰু ১৫ নবেম্বৰত বিবাহ সম্পন্ন হৈ যোৱাৰ পাছত মুম্বাইৰ ৰণবীৰ সিঙৰ ঘৰত দীপিকা পাডুকনক দেখা গ'ল এগৰাকী সম্পূৰ্ণ বোৱাৰীৰ সাজত। বলিউডৰ নায়িকাৰ দৰে নাই সাজ-পাৰ।

গাত এখন ৰঙা চাদৰ, খোপা বন্ধ চুলি, হাত দীঘল চুৰিদাৰ, ডিঙিত ওলমি পৰা কাণফুলি, শীৰত ৰণবীৰে আঁকি দিয়া সেন্দুৰ আৰু প্ৰসস্থি মনেৰে হাঁহি হাঁহি সংবাদ মাধ্যমক ধৰা দিলেহি দুয়ো। হাতযোৰ কৰি দুয়ো সকলোৰে পৰা আশীৰ্বাদো বিচাৰি দাম্পত্য জীৱনৰ বাবে। মুঠৰ ওপৰত দুদিনৰ আগৰ দীপিকা আৰু আজিৰ দীপিকাৰ মাজত বহু পাৰ্থক্য। ন-বোৱাৰীৰ ৰূপত দীপিকা আহি ৰণবীৰৰ ঘৰত ভৰি দিয়াৰ পাছত দীপিকাক চাবলৈ সকলোৰে ইচ্ছা যায়। চাওঁক দীপিকাক ন-বোৱাৰীৰ ৰূপত এই ভিডিঅ'ত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in