আপুনি সন্তান সম্ভৱা নেকি?- দীপিকা পাডুকনে এনে উত্তৰ দিলে, বাকীবোৰ খুচ, প্ৰশ্ন সোধা সাংবাদিকহে লাজত হ’ল বেহুচ!

আপুনি সন্তান সম্ভৱা নেকি?- দীপিকা পাডুকনে এনে উত্তৰ দিলে, বাকীবোৰ খুচ, প্ৰশ্ন সোধা সাংবাদিকহে লাজত হ’ল বেহুচ!

ডিজিটেল ডেস্কঃ দীপিকা পাডুকনে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এনে উত্তৰ দিলে যে সেই উত্তৰ শুনি লাজত পৰিল সাংবাদিক। দীপিকাৰ 'চাপাক' নামৰ ছবিখন ছবিগৃহলৈ আহিব। যিখনত লক্ষ্মী আগৰৱালৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। সেই ছবিখনৰ প্ৰম'চনত ব্যস্ত দীপিকা।

ছবিখনক লৈ প্ৰম'চনৰ বাবে সাংবাদিকৰ সৈতে হোৱা মুখামুখি অনুষ্ঠানত দীপিকাক এজন সাংবাদিকে সুধিলে- ভাল খবৰ আছে নেকি? সাংবাদিকজনে অৱশ্যে সেই কথাটো এইধৰণে সোধা নাছিল। দীপিকা মাক হ'বলৈ গৈ আছে নেকি এই কথাহে সুধিছিল পোনপটীয়াকৈ।

দীপিকায়ো যোগ্য উত্তৰ দিলে সাংবাদিকগৰাকীক। দীপিকাই ক'লে- মই কি সন্তান সম্ভৱাৰ দৰে দেখিছো নেকি? তাৰ পাছত দীপিকাই কিছু সময় ৰৈ কৈ গ'ল- 'যদি ফেমেলী প্লেনিং কৰো, আপোনাক সুধি ল'ম। আপুনি যদি সন্মতি দিয়ে তেতিয়াহ'লে নিশ্চয় ফেমেলী প্লেনিং কৰিম। যদি মই সন্তান সম্ভৱা হওঁ তেন্তে আপুনি ৯ মাহৰ পাছত নিজেই গাম পাই যাব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in