কোভিডৰ আন্ধাৰ নিশা ছিপাঝাৰৰ আৱদ্ধ কোঠাত বিবস্ত্ৰ হোৱা ডিমাপুৰৰ অসহায় শিক্ষয়িত্ৰী…

কোভিডৰ আন্ধাৰ নিশা ছিপাঝাৰৰ আৱদ্ধ কোঠাত বিবস্ত্ৰ হোৱা ডিমাপুৰৰ অসহায় শিক্ষয়িত্ৰী…

ডিজিটেল ডেস্কঃ কোভিড-১৯ৰ বিভিষীকাই বিশ্বৰ লক্ষ লক্ষ মানুহৰ জীৱন কাঢ়ি নিলে। শতায়ু গৰকা বৃদ্ধ-বৃদ্ধাৰ পৰা ফুলকুমলীয়া শিশু অথবা কিশোৰলৈ অসংখ্যজনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু যিদৰে হ'ল, সেইদৰে কোভিডোত্তৰ জটিলতাতো বৰ্তমানলৈকে বহুজনে প্ৰাণ দিব লগাত পৰিছে। যি সকলৰ কোভিডোত্তৰ জটিলতাত মৃত্যু হৈছে তেওঁলোকৰ নশ্বৰ দেহ সৎকাৰৰ সুবিধাকণ পৰিয়াল অথবা আত্মীয়ই পালেও কোভিডত মৃত্যু হোৱা লক্ষ লক্ষ মানুহৰ মৃতদেহ সৎকাৰৰ সুযোগকণৰ পৰাও নিকট আত্মীয়সকলো বঞ্চিত হৈছে। একেদৰে বিশ্বজোৰা ল'কডাউনে সমাজ ব্যৱস্থাক, মানৱীয় প্ৰমূল্যক নিশ্চিহ্ন কৰি পেলাইছে। কোনে খাবলৈ পাইছে বা নাপাইছে , কাৰ ঘৰত অসহায় অৱস্থাত আক্ৰান্তজনে মৃত্যু যন্ত্ৰণাত চটফটাইছে ইয়াৰ খবৰ ল'বলৈ কাৰো উপায় নাই। দৈনিক কঠোৰ পৰিশ্ৰম কৰি কোনোমতে ভাত মোকলোৱা সকলৰ যিদৰে দুৰ্দৰ্শাৰ অন্ত নাই, একেদৰেই ক্ষুদ্ৰ বা মজলীয়া ব্যৱসায়ী সকলকো ভয়াৱহ এই অতিমাৰীয়ে ভিকহুত পৰিণত কৰি অবৰ্ণনীয় যন্ত্ৰণাৰ মাজলৈ ঠেলি দিছে।

বহুবোৰ খবৰ প্ৰকাশ পাইছে, বহুবোৰ মৰ্মান্তিক ঘটনাৰ কোনো খবৰেই আত্মীয় অথবা সমাজে পোৱা নাই। এই সময়চোৱাত এনে বহু অমানৱীয় আনকি নাৰকীয় বুলিও অবিহিত কৰিব পৰা ঘটনা ঘটি গৈছে। যিবোৰৰ খবৰ কোনেও নাপায়। অসমতো অসংখ্য তেনে ঘটনা ঘটিছে । বহিঃৰাজ্যত কাম কৰিবলৈ গৈ যিদৰে অসমৰ বহু লোক বৰ্ণনাতিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ খবৰ বহু পলমকৈহে পৰিয়ালৰ লোকে পাইছে, তেনেদৰে বহিঃৰাজ্যৰ পৰা কামৰ সন্ধানত অসমলৈ আহি এই সময়চোৱাত গাৰ নোম শিয়ৰি উঠিব পৰা বহু এনে ঘটনা ঘটিছে যাৰ খবৰ আত্মীয়জন অথবা সমাজৰ অজ্ঞাতে থাকি গৈছে। এই প্ৰতিবেদনত তেনে এক মৰ্মান্তিক ঘটনাৰ খবৰেই ৰাইজক দিব বিচাৰিছো। মাৰ্চী নামৰ উচ্চশিক্ষিত যুৱতীগৰাকী ডিমাপুৰৰ তৌলাজৌমাৰ পৰা অসমলৈ আহিছিল চাকৰিৰ সন্ধানত। আহিছিল নহয়, তেওঁক কামৰূপ জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষকতাৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰে লৈ অহা হৈছিল।

দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত এই বিদ্যালয়খনৰ সত্বাধিকাৰ ৰাহুল আমিনে তেওঁক শিক্ষকতাৰ বৃত্তিত নিয়োগ কৰাৰ প্ৰতিশ্ৰুতিৰে লৈ আনিছিল ২০২০চনৰ মাৰ্চ মাহৰ আৰম্ভণিত। কামত যোগদান কৰাৰ পাছত বিদ্যালয় চৌহদত শিক্ষকৰ আৱাসৰ নিৰ্মান সম্পূৰ্ণ হৈ নুঠাৰ বাবে তেওঁক এটা ভাড়াঘৰত বিদ্যালয়খনৰ সত্বাধিকাৰে থকাৰ ব্যৱস্থা কৰি দিয়ে। সেই সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল যে অতি সোনকালে বিদ্যালয়ৰ চৌহদত নিৰ্মীয়মান আৱাসলৈ তেওঁ যাব পাৰিব। কিন্তু কেইদিন মানতে বিদ্যালয়খনৰ সত্বাধিকাৰ ৰাহুল আমিনৰ আচৰণত শংকিত হৈ উঠে শিক্ষয়িত্ৰীগৰাকী। ভাড়াঘৰত থকা অকলশৰীয়া গাভৰু শিক্ষয়িত্ৰী গৰাকীৰ ওচৰলৈ বিভিন্ন অজুহাত দেখুৱাই ৰাহুল আমিনে অহা-যোৱা কৰি থকাৰ সময়তে আৰম্ভ হয় ভয়াৱহ কোভিড-১৯ আৰু ঘোষিত হয় দেশজোৰা ল'কডাউন।

এনে পৰিস্থিতিত হঠাতে আৱদ্ধ হৈ পৰে মাৰ্চী নামৰ শিক্ষয়িত্ৰীগৰাকী। ল'কডাউন, সান্ধ্য আইন আদিয়ে যেন বিদ্যালয়ৰ সত্বাধিকাৰক অকলশৰীয়া শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত দানৱীয় ৰূপত জঁপিয়াই পৰিবলৈ সুযোগহে উলিয়াই দিলে। কিয়নো প্রথম অৱস্থাত অসৎ অভিপ্ৰায়েৰে অহা যোৱা কৰা আমিনৰ ক্ষেত্ৰত কিছু কঠোৰ স্থিতি গ্ৰহণ কৰা ডিমাপুৰৰ এই যুৱতী গৰাকীৰ অসহায় অৱস্থাটোৰ সুযোগ লৈ এইবাৰ একেলগে থকাৰ প্ৰস্তাৱ আৰু ল'কডাউনৰ অন্তত বিবাহৰ প্ৰতিশ্ৰুতি দি যৌন বাসনা চৰিতাৰ্থ কৰাত তেওঁ নামি পৰিল। যি সময়ত সুদূৰ ডিমাপুৰৰ পৰা আহি অকলে চাকৰিৰ নামত বসবাস কৰা গাভৰুগৰাকীয়ে নিৰাপত্তাৰ বাবে আনৰ সহায় বিচৰাৰো কোনো সুযোগ নাছিল। এনে অৱস্থাৰ বাৰুকৈয়ে সুযোগ লৈছিল শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰে মহানতা প্ৰদৰ্শন কৰা পিশাচ ৰূপী ৰাহুল আমিনে। অতি স্বাভাৱিকভাৱেই যিকোনো সময়ত শিক্ষয়িত্ৰী গৰাকীৰ কাষত উপস্থিত হৈছিল ৰাহুল আমিন আৰু তেওঁৰ বাসনা চৰিতাৰ্থ কৰিছিল।

মাৰ্চৰ পৰা অক্টোবৰলৈ এই সময়চোৱাত দুয়োৰে মাজত হোৱা এই দৈহিক সম্পৰ্কৰ পৰিণতি স্বৰূপে অন্তসত্বা হোৱা মাৰ্চীয়ে অক্টোবৰত ল'কডাউন কিছু শিথিল হোৱাৰ লগে লগে ডিমাপুৰৰ পিতৃ গৃহলৈ কিবাকৈ গুচি যায়। কিয়নো সেই সময়ত তেওঁৰ বিদ্যালয়ৰ পাঠদানো বন্ধ আছিল আৰু নিজৰ দুৰ্ভাগ্য তথা দুৰাৱস্থাৰ সবিশেষ পৰিয়ালৰ লোকক জনোৱাটো প্ৰয়োজন আছিল। পিছে চতুৰ ৰাহুল আমিনে মাৰ্চীৰ লগতে পৰিয়ালৰ লোককো প্ৰতিশ্ৰুতি দিয়ে যে খুব সোনকালেই তেওঁ ডিমাপুৰত উপস্থিত হ'বগৈ আৰু বিবাহ কাৰ্যও সম্পন্ন কৰিব। আনকি গৰ্ভস্থ সন্তানৰ যত্ন লোৱাৰ বাবে তেওঁ বিভিন্ন পৰামৰ্শ আগবঢ়ায়। কিন্তু সময় বাগৰাৰ লগে লগে যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে ৰাহুলে। কিয়নো ২০২০চনৰ মাৰ্চৰ পৰা আৰম্ভ হোৱা ল'কডাউন শিথিল হ'লেও বিদ্যালয় বন্ধ হৈ থকাৰ সুবাদতে মাৰ্চীক বিদ্যালয়লৈ অনাৰ বিষয়টোও অপ্ৰাসংগিক হৈ পৰিছিল। এনে অনিশ্চিয়তাৰ মাজত সময় পাৰ কৰা মাৰ্চীয়ে চলিত বৰ্ষৰ ৩০ মাৰ্চত  এটা ল'ৰা সন্তানৰ জন্ম দিয়ে।

এই জন্মৰ খবৰ ৰাহুলক ফোনযোগে দিয়াৰ পাছতো ডিমাপুৰলৈ যোৱাৰ কথাটো বাদেই, পৰৱৰ্তী সময়ত ফোনৰ যোগাযোগো বন্ধ কৰি দিয়ে এই গৰাকী বিদ্যালয়ৰ মুৰব্বীয়ে। এনে পৰিস্থিতিত ২৭ মে' তাৰিখে ডিমাপুৰৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত মাৰ্চীয়ে এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰত ৰাহুল আমিনৰ ভনীয়েককে ধৰি উক্ত এলেকাৰ কেইজনমান সাংবাদিকৰ ফোন নম্বৰো উল্লেখ কৰি তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৱেদন জনোৱা হয়। সেই মৰ্মে উক্ত থানাখনে ০০১/২১ নম্বৰত আৰু ৩৫৪(এ)/৩৫৪(ডি)/৫০৯/৪২০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি দৰঙৰ ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ গোচৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে। সমান্তৰালভাৱে ডিমাপুৰৰ পুলিচ কমিছনাৰকো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সমগ্ৰ বিষয়টো অৱগত কৰে।  

এই সন্দৰ্ভত মহিলা গৰাকীৰ ষ্টেটমেন্ট, তেওঁৰ লগতে সদ্যজাত সন্তানটোৰ ফটো, মেডিকেল ৰিপৰ্ট, হাস্পতাল বিল, আৰু ১১ পৃষ্ঠাজোৰা প্ৰাথমিক তদন্তৰ প্ৰতিবেদন গাঁঠি দিয়া হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অভিযুক্ত ৰাহুল আমিন সন্দৰ্ভত ছিপাঝাৰ আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সদৰি কৰা নাই যদিও যোৱা ৮ জুন তাৰিখে ডিমাপুৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী লৈ ছিপাঝাৰৰ পৰা এক বেটাৰ বাৰ্তা প্ৰেৰণ কৰি এই সন্দৰ্ভত দণ্ডাধীশৰ ওচৰত অভিযোগকাৰী মহিলা গৰাকীৰ জবানবন্দী লিপিবন্ধ কৰাৰ প্ৰয়োজনতে তেওঁক ছিপাঝাৰ থানাত উপস্থিত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হয়। ৮ জুন তাৰিখে প্ৰেৰণ কৰা এই বেটাৰ বাৰ্তা অনুসৰি মাৰ্চী নামৰ মহিলা গৰাকীক যোৱা আগষ্ট মাহৰ প্ৰথমাৰ্ধত ছিপাঝাৰ থানাত উপস্থিত হোৱাৰ পাছত মঙলদৈৰ আদালতৰ দণ্ডাধীশৰ সন্মুখত ভাৰতীয় দণ্ডবিধিৰ ১৬৪ ধাৰা অনুসৰি জবানবন্দী লিপিবদ্ধ কৰাৰ উপৰি আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তদাৰকত মাৰ্চী আৰু সন্তানটিৰ ডিএনএৰ ছেম্পলো সংগ্ৰহ কৰা হয়।

একেদৰে ছিপাঝাৰ থানাই দণ্ডবিধিৰ ১৬১ ধাৰা অনুসৰি মাৰ্চীৰ জবানবন্দী লিপিবদ্ধ কৰে। প্ৰাথমিক পৰ্যায়ত এইখিনিলৈকে তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়িলেও সুদূৰ ডিমাপুৰৰ বাসিন্দা মাৰ্চীৰ অভিযোগৰ ভিত্তিত দৰঙৰ এইগৰাকী প্ৰভাৱশালী শিক্ষা ব্যৱসায়ীক আইনৰ আওতালৈ আনি এগৰাকী শিক্ষিত যুৱতীৰ প্ৰতি কৰা এনে বৰ্বৰতাৰ ক্ষেত্ৰত কিদৰে ন্যায় প্ৰদান কৰা হ'ব সেই লৈ বহুতৰে মনত প্ৰশ্ন উত্থাপিত হৈছে। অতি তাৎপৰ্যপূৰ্ণ কথা এই যে যদিও মাৰ্চী নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে তেওঁৰ অভিযোগৰ তদন্তৰ বাবে কেইগৰাকীমান স্থানীয় সাংবাদিকৰ ফোন নম্বৰো এজাহাৰত উল্লেখ কৰিছিল এই সাংবাদিকসকলৰ জৰিয়তেও এই দুৰ্ভাগ্যজনক ঘটনাটোৰ খবৰ পিছে সংবাদ মাধ্যমত বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই। সেয়েহে ধন আৰু ক্ষমতাৰ বলেৰে চুবুৰীয়া ৰাজ্যৰ দুৰ্ভগীয়া যুৱতী গৰাকী ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত ৰাহুল আমিনে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰিব নেকি সেই লৈওঁ আশংকাৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in