ডিমাপুৰত দুই বিদ্ৰোহী গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, আহত এজন শীৰ্ষনেতা

ডিজিটেল সংবাদ, ৱাখাঃ ডিমাপুৰত মঙলবাৰে সন্ধিয়া ৫ বজাত নগা দুই বিদ্ৰোহী সংগঠন এন এছ চি এন আই এম আৰু ৰিফোৰ্মেচনৰ গোটৰ মাজত সংঘটিত প্ৰচণ্ড গুলীয়াগুলিত গৰ্ভমেন্ট অৱ পিপলছ ৰিপাবলিক নাগালেণ্ড চৰকাৰৰ এজন মন্ত্ৰী তথা শীৰ্ষনেতা আহত হয়। জানিব পৰা মতে এন এছ চি এন ৰিফোৰ্মেচনৰ গোটৰ মন্ত্ৰী গৰাকীয়ে সন্ধিয়া তেওঁৰ পৰিবাৰ, সন্তান আৰু কেডাৰৰ সৈতে আহি থকাৰ সময়তে ডিমাপুৰৰ থিলিছো গাঁৱত এন এছ চি এন আই এমৰ কেডাৰে আগভেটি লৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

ফলত ৰিফোৰ্মেচনৰ গোটৰ খেকাটো কিনি নামৰ মন্ত্ৰীজন গুৰুতৰভাৱে আহত হয়। তেওঁৰ ভৰিত গুলী লাগে। অৱশ্যে তেওঁ বিপদমুক্ত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, যোৱা শুকুৰবাৰে এন এছ চি এন আই এমৰ এগৰাকী মেজৰ থয়ছিক গুলীয়াই হত্যা কৰাৰ পিছত আই এমে মঙলবাৰে এনেদৰে ৰিফোৰ্মেচন গোটক লক্ষ্য কৰি লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in