১১ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মক সমগ্ৰ ডিমাপুৰত

১১ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মক সমগ্ৰ ডিমাপুৰত

ডিজিটেল সংবাদ, ডিমাপুৰঃ ৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে নৰ্থ ইষ্ট ষ্টুডেন্ট অ'ৰ্গেনাইজেশ্যন (নেছ') আৰু নগা ষ্টুডেন্ট ফেডাৰেশ্যন (এন এছ এফ') নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দিয়া ১১ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সমগ্ৰ ডিমাপুৰত সৰ্বাত্মক। এই বন্ধৰ ফলত বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বেংকসমূহ।
বৰ্তমানলৈকে বিধেয়কখন বাতিলৰ দাবীত আহ্বান দিয়া এই বন্ধৰ ফলত কোনো হিংসাত্মক ঘটনাৰ খবৰ বৰ্তমানলৈ অহা নাই। কিন্তু ৰেল আৰু বিমানযোগে যাত্ৰা কৰা নাগৰিকসকলৰ ইয়াৰ ফলত বহুত অসুবিধাৰ সৃষ্টি হৈছে। ৰেলযোগে ডিমাপুৰলৈ যোৱা শ শ যাত্ৰী ডিমাপুৰ ৰেল ষ্টেচনত আৱদ্ধ হৈ আছে এই বন্ধৰ বাবে। কাৰণ তেওঁলোকে কোনো যাতায়াতৰ সুবিধা লাভ কৰা নাই বৰ্তমালৈকে। ইফালে, বিমান বন্দৰতো দেখিবলৈ পোৱা গৈছে একেই দৃশ্য। বিমান উৰণ আৰু অৱতৰণ স্থগিত ৰখাৰ ফলত বিমান বন্দৰতে আৱদ্ধ হৈ পৰিছে বহু যাত্ৰী। তেওঁলোকৰ পৰিবহণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।
উল্লেখ্য যে, পূৰ্বে ডিচেম্বৰ মাহত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান দিয়া হৈছিল। সেইবাৰ প্ৰশাসন আৰু আৰক্ষীয়ে সম্পূৰ্ণভাৱে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই সময়ত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ৰেল ষ্টেচন আৰু বিমান বন্দৰত আৱদ্ধ ব্যক্তিসকলৰ বাবে পৰিবহণৰ সুবিধা উলবদ্ধ কৰাইছিল। কিন্তু আজি এনে কোনোৱে চৰকাৰ বা প্ৰশাসনে নকৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in