আইপিএফৰ বন্ধত স্তব্ধ ডিমাহাচাও! জ্বলালে বাহন, আৰক্ষীৰ শূন্যলৈ গুলী, পৰীক্ষাৰ্থীৰ মাজত হাঁহাকাৰ… VIDEO

আইপিএফৰ বন্ধত স্তব্ধ ডিমাহাচাও! জ্বলালে বাহন, আৰক্ষীৰ শূন্যলৈ গুলী, পৰীক্ষাৰ্থীৰ মাজত হাঁহাকাৰ… VIDEO

ডিজিটেল সংবাদ, হাফলংঃ উত্তৰ-কাচাৰ পাৰ্বত্য জিলা (ডিমাহাচাও)ক দুখন জিলাত বিভক্ত কৰাৰ দাবীৰে ইণ্ডিজেনাছ পিপলছ ফ'ৰামে মঙলবাৰে পুৱাৰে পৰা আহ্বান দিয়া অনিৰ্দিষ্টকালীন বন্ধৰ ফলত মঙলবাৰে পাৰ্বত্য জিলাখনত স্বাভাৱিক জীৱনযাত্ৰা স্তব্ধ হৈ পৰে। উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাজতে আহ্বান দিয়া এই বন্ধ প্ৰত্যাহাৰৰ বাবে জিলাখনৰ অন্যান্য দল-সংগঠনে আহ্বান জনাইছিল যদিও, সংগঠনটোৱে ইয়াৰ প্ৰতি সঁহাৰি নজনালে। অৱশ্যে সোমবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল মঙলবাৰে পৰীক্ষা নথকাৰ বাবে বন্ধৰ প্ৰথম দিনটোত কথমপি ৰক্ষা পৰে যদিও, বন্ধ সমৰ্থনকাৰীয়ে হাফলং, মাইবাং, জাতিংগা আদিত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত কৰে।

হাফলং চহৰৰ মাজমজিয়াত ডিমাহাচাও স্বায়ত্ত পৰিষদৰ কাৰ্যালয়ৰ সমীপতে বন সংমণ্ডল বিষয়া এগৰাকীৰ চৰকাৰী বাহনখন বন্ধৰ সমৰ্থকে জ্বলাই দিয়ে। ইফালে, চহৰৰ দোকান-বজাৰ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা উত্তেজিত বন্ধ সমৰ্থকক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দোৱা গেছ নিক্ষেপ কৰাৰ উপৰি শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিস্থিতিও সৃষ্টি হয়।

মাইবাং, জাতিংগা আদিতো ঘাইপথত টায়াৰআদি জ্বলাই, গছ বগৰাই যান-বাহনৰ চলাচল বন্ধ কৰাৰ চেষ্টা চলোৱাৰ উপৰি একাংশ সমৰ্থকেবিভিন্ন স্থানত যান-বাহনলৈ শিল নিক্ষেপ কৰাৰ ঘটনাও সংঘটিত হয়। ইফালে, মঙলবাৰেপৰীক্ষা নথকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল কথমপি ৰক্ষা পৰে যদিও,বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব লগা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰলগতে শিক্ষক-অভিভাৱকসকলৰ মাজত আশংকা, অনিশ্চয়তাৰ সৃষ্টি হৈছে।

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ দুটাগুৰুত্বপূৰ্ণ পৰীক্ষা মাজত লৈ এনেদৰে জিলা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা সংগঠনটোকসকলোৱে বন্ধ প্ৰত্যাহাৰৰ আহ্বান জনাইছে যদিও, এই বাতৰি লিখা সময়লৈকে আইপিএফে কোনোইতিবাচক সঁহাৰি জনোৱা নাই। এনে পৰিস্থিতিত জিলাখনৰ আৰক্ষী-প্রশাসনে কেন্দ্ৰীয় আৰুঅৰ্ধকেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সহযোগত সমগ্ৰ জিলাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৰি তুলিছে যদিও, এনে ব্যৱস্থাই পৰীক্ষাৰ্থীসকলক পৰীক্ষাত বহাৰ ক্ষেত্ৰত কিমানসহায় কৰিব এই লৈ সকলোৰে মাজত সন্দেহ তথা আশংকাৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in