এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ’ব বিশুদ্ধ খোৱাপানীৰ যোগান…

এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ’ব বিশুদ্ধ খোৱাপানীৰ যোগান…

ডিজিটেল ডেস্কঃ যিসময়ত কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ অভিযানত জড়িত স্বাস্থ্যসেৱা, খোৱা পানী, আইন শৃংখলা নিয়ন্ত্ৰণ আৰু দুৰ্যোগ প্ৰশমনৰ দৰে অত্যাৱশকীয় সেৱাসমূহৰ বিষয়া-কৰ্মচাৰীক বিৰতিহীনভাৱে জড়িত কৰাইছে, সেই একে সময়তে বিগত এটা বছৰে মাইবাং জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনস্থ শতাধিক বিষয়া-কৰ্মচাৰীয়ে বিগত এটা বছৰে ৰাজ্যৰ বিত্ত বিভাগৰ দায়িত্বহীনতাৰ বাবে পাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে।

দিনে-ৰাতিয়ে কাম কৰিও লকডাউনৰ বাবে ঘৰত আৱদ্ধ সতি-সন্তানে দৰমহা অভাৱৰ বাবেই লঘুণীয়া পেটে দিন কটাব লগা হোৱা এই সমূহ বিষয়া-কৰ্মচাৰী পাপ্য ধন আদায় দিয়াৰ বাবে বিগত বৰ্ষৰ ২৭ আৰু ২৭ নৱেম্বৰত ডিমা হাচাওৰ তিনিওটা সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে ১১ ডিচেম্বৰ তাৰিখে কৰ্মবিৰতিও পালন কৰিছিল যদিও বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে।

আনহাতে এই বিষয়া-কৰ্মচাৰীসকলৰ পাপ্য দৰমহাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা বিষয়াগৰাকীয়ে এনে অৱস্থাতে আজি অৱসৰ গ্ৰহণ কৰিব লগা হ'ব। ইয়াৰ পূৰ্বেই অল আসাম পি এইচ ই এমপ্লইয় এচছিয়েশ্বনৰ তৰফৰ পৰাও চৰকাৰক এই বিষয়ে অৱগত কৰি অহা হৈছিল যদিও অনলাইন ব্যৱস্থাৰ অধীনত দৰমহা প্ৰদান প্ৰক্ৰিয়াত হোৱা বিজুতিৰ বাবে এয়া সম্ভৱ হৈ উঠা নাই বুলি এক যুক্তিহীন অজুহাত দেখুৱাই আজিলৈকে বিষয়টো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শীৰ্ষ মহলেও অৱজ্ঞা কৰি চলিছে। এনে পৰিপ্ৰেক্ষিততে সংগঠনটোৰ ডিমা হাচাওৰ শাখাৰ সভাপতি আবুল ৰাংখল আৰু সম্পাদক বিপুল লংমে'লাই স্বাক্ষৰিত এক চৰম পত্ৰ ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুৰব্বীলৈ প্ৰেৰণ কৰা হৈছে।

চৰম পত্ৰত এই বুলিও সকীয়াই দিয়া হৈছে, যদিহে ৪জুনৰ পূৰ্বে এবছৰে দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী সকলক পাপ্য দৰমহা আদায় দিয়া নহয়, তেনেহলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দৰে অত্যাৱশকীয় সেৱাত জড়িত সকলো বিষয়া কৰ্মচাৰীয়ে পাৰ্বত্য জিলাখনত বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰক্ৰিয়াটোৰ পৰা নিজকে নিলগাই ৰাখিবলৈ বাধ্য হ'ব। চৰকাৰৰ এবছৰীয়া গাফিলতিত অতিষ্ঠ হৈ সংগঠনটোৱে শেহতীয়াাকৈ লোৱা এই কঠোৰ স্থিতিয়ে জুলাই মাহত পাৰ্বত্য জিলা ডিমা হাচাওত বিশুদ্ধ খোৱাপানী যোগানৰ সমগ্ৰ প্ৰক্ৰিয়াটোক স্তদ্ধ কৰি দিব লগা হ'লে যে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in