৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন…

৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন…

ডিজিটেল ডেস্কঃ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ'ল ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। পুৱাৰে পৰা আৰম্ভ হোৱা এই নিৰ্বাচনৰ ভোটগ্ৰহণত মুঠ ৭০ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। পুৱাৰ ভাগত ভোট দানৰ হাৰ সেৰেঙা আছিল যদিও, আবেলিলৈ এই হাৰ বৃদ্ধি পায়। হাফলং, জাতিংগা, বৰাইল, মাহোৰ, জিনাম, সাংৰোং, লাইছং, ডাইত' হাজা, মাইবং পূব, মাইবং পশ্চিম, কালাচান, ৱাজাও, হাজাদিদা, লংটিং, হাতীখালি, ডিউম্বা, গৰমপানী, খাৰথং, দিহাংগী, গুঞ্জুং, হাদিংমা, ডিহামলাই, হাৰাংগাজাও, হামৰে, ল'ৱাৰ খাৰথং, দুলুং, দিগৈ, চামখেকে ধৰি মুঠ ২৮টা পৰিষদীয় সমষ্টিত এই নিৰ্বাচন অনুষ্টিত হয়।

এইবাৰ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদত মুলতঃ চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এই নিৰ্বাচনত মুঠ ১২৮জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূৰ্বতে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ শাসনত থকা বিজেপিৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাতো বৰ সহজ নহ'ব। দলটোৱে ২৮খন আসনৰ ভিতৰত ১২-১৪খন আসনহে লাভ কৰাৰ সম্ভাৱনা আছে।

বিজেপিয়ে সমষ্টিসমূহত প্ৰদান কৰা প্ৰাৰ্থীক লৈ দলৰ ভিতৰতে সৃষ্টি হোৱা অসন্তুষ্টিৰ বাবে বহু প্ৰাৰ্থীয়ে দল এৰি নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ফলত কংগ্ৰেছ আৰু অগপ লাভৱান হোৱাৰ  সম্ভাৱনা আছে। এইবাৰৰ নিৰ্বাচনত চাৰিটা পৰিষদীয় সমষ্টিত অগপ প্ৰাৰ্থীৰ স্থিতি শক্তিশালী। এই সমষ্টি কেইটা অগপ প্ৰাৰ্থীৰ জয়ৰ পূৰ্ণ সম্ভাৱনা আছে।

ইফালে, কংগ্ৰেছ দলেও ৪-৫খন আসনতে সীমাৱদ্ধ থাকিব লাগিব এই নিৰ্বাচনত। ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদত সদৰ সমষ্টি হাফলঙত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ। কেইবাটাও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হ'ব বুলি আশা কৰা হৈছে। পূৰ্বৰ পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱজিৎ থাওছেন এইবাৰ নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সমুখীন হৈছে।

বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা লৈ চাই সেই নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনতে বিজেপিয়ে পুনৰ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ গঠন কৰাৰ সম্ভৱনাই অধিক। সেয়ে হ'লে বিজেপিৰ শাসনাধীষ্ঠ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা (ডেনিয়েল) পুনৰ উক্ত পদত অধিস্থিত হ'ব। কিয়নো বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদ বিজেপিয়ে গঠন কৰিলে গাৰ্লোছাই পুনৰ মুখ্য কাৰ্যবাহী হ'ব বুলি ইতিমধ্যে ঘোষণা কৰি থৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in