দেবোলাল গাৰ্লোছাক গ্ৰেপ্তাৰৰ দাবীত ১০ ঘণ্টীয়া ডিমা হাছাও বন্ধ

দেবোলাল গাৰ্লোছাক গ্ৰেপ্তাৰৰ দাবীত ১০ ঘণ্টীয়া ডিমা হাছাও বন্ধ

ডিজিটেল ডেস্কঃ ডিমা হাছাও জিলা কংগ্ৰেছ কমিটীয়ে আহ্বান দিয়া ১০ ঘণ্টীয়া ডিমা হাছাও বন্ধৰ প্ৰভাৱ পৰিছে জিলাখনত। এই সময়ছোৱাত এতিয়ালৈকে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা বাতৰি অহা নাই।

ডিমা হাছাওৰ প্ৰাক্তন পৰিষদীয় মুৰব্বী পূৰ্ণেন্দু লাংথাছা আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য নিন্দু লাংথাছা হত্যাকাণ্ডৰ সৈতে বৰ্তমানৰ মুখ্যকাৰ্যবাহী দেবোলাল গাৰ্লোছাৰ নাম সাঙুৰ খাই পৰাৰ পাছতেই পাহাৰায়ী জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উক্ত হত্যাকাণ্ড সন্দৰ্ভত ডি এইচ ডি জুৱেলৰ এজন প্ৰাক্তন সদস্য নীপুত ৰাইজং ওৰফে একশ্যন ডিমাছাই আদালতত ২৭ জুলাইত দিয়া সাক্ষদানৰ পাছতেই তৎপৰ হৈ পৰিছে ডিমা হাছাও জিলা কংগ্ৰেছ। বৰ্তমানৰ মুখ্যকাৰ্যবাহী দেবোলাল গাৰ্লোছাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচিত তদন্ত আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবীত এই বন্ধৰ আহ্বান দিয়া হৈছে।

বন্ধৰ প্ৰভাৱ অৱশ্যে মাইবং মহকুমাৰ অন্তৰ্গত হাতীখালিত আংশিকভাৱে পৰিছে। অৱশ্যে দেওবাৰে নিশা কিছু সংখ্যক যুৱকে বন্ধৰ আহ্বান দি অঁৰা পোষ্টাৰ ফলাৰ লগতে মাইবং মহকুমাত দোকান বন্ধ নকৰিবলৈ ভাবুকি দিয়াৰ খবৰো পোহৰলৈ আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in