পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ সাক্ষী একশ্যনক ভাবুকি, তদন্তৰ নিৰ্দেশ আদালতৰ

পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ সাক্ষী একশ্যনক ভাবুকি, তদন্তৰ নিৰ্দেশ আদালতৰ

ডিজিটেল সংবাদ, হাফলংঃ নতুন মোৰ লৈছে ডিমা হাছাওৰ প্ৰাক্তন পৰিষদীয় মূৰব্বী পূৰ্ণেন্দু লাংথাছা আৰু কাৰ্যবাহী সদস্য নিন্দু লাংথাছাৰ হত্যাকাণ্ডই। যোৱা ২৭ জুলাইত উক্ত হত্যাকাণ্ড সন্দৰ্ভত ১৮/০৮ নং গোচৰৰ শুনানি গ্ৰহণৰ সময়ত সাক্ষ্য প্ৰদান কৰি ডিএইছএম (জুৱেল)ৰ প্ৰাক্তন সদস্য মিপুত ৰাইজুং ওৰফে একশ্যন ডিমাছাই ঘটনাটোৰ সৈতে বৰ্তমানৰ মুখ্য কাৰ্যবাহী তথা বিজেপি নেতা দেবোলাল গাৰ্লোছা জড়িত থকাৰ কথা উল্লেখ কৰাৰ পিছতে পাৰ্বত্য জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ইফালে হাফলঙৰ সত্ৰ ন্যায়াধীশৰ আদালতত এইদৰে সাক্ষ্য প্ৰদানৰ পূৰ্বে নিজৰ জীৱনক লৈ শংকিত হৈ পৰিছিল প্ৰাক্তন ডিএইছএম (জুৱেল) সদস্য একশ্যন ডিমাছা। এনে পৰিপ্ৰেক্ষিতত হাফলংস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদলতৰ মুখ্য ন্যায়ধীশক নিজৰ প্ৰাণৰ প্ৰতি আহি পৰা ভাবুকিৰ বিষয়ে সবিশেষ অৱগত কৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল হত্যাকাণ্ডৰ গোচৰটোৰ সাক্ষ্য প্ৰদান কৰা একশ্যনে।

দেবোলাল গাৰ্লোছাই গোচৰটোৰ সাক্ষ্য প্ৰদান নকৰিবলৈ তেওঁক ভাবুকি প্ৰদান কৰা বুলি উল্লেখ কৰা পত্ৰখনক গুৰুত্বসহকাৰে গ্ৰহণ কৰে আদালতে। এই অনুযায়ী হাফলংসত্ৰ আদালতে হাফলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে একশ্যন ডিমাছাই পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ সৈতে বৰ্তমানৰ কাৰ্যবাহী সদস্য তথা বিজেপি নেতা দেবোলালা জড়িত থকা বুলি আদালতত সাক্ষ্য প্ৰদানৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছকে আদি কৰি কেবাটাও দল সংগঠন।

দিনদিয়েক পূৰ্বে দেবোলালৰ পদত্যাগ আৰু গ্ৰেপ্তাৰৰ দাবীত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ডিমা হাছাও জিলাৰ স্বায়ত্ত শাসিত পৰিষদখন ভংগ কৰি দিবলৈকো দাবী জনাইছিল। বিষয়টোক লৈ বৰ্তমানো উত্তাল হৈ আছে পাৰ্বত্য জিলাখনৰ আভ্যন্তৰীণ ৰাজনীতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in