১৩ আগষ্টত ডিমা হাছাও বন্ধৰ আহ্বান

১৩ আগষ্টত ডিমা হাছাও বন্ধৰ আহ্বান

ডিজিটেল সংবাদ, হাফলংঃ অহা ১৩ আগষ্টত ১০ ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ দাবী জনাইছে ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিয়ে। নিন্দু লাংঠাছা আৰু পূৰ্ণেন্দু লাংঠাছা হ্ত্যাৰ সৈতে নাম সাঙোৰ সাই পৰা দেৱোলাল গাৰ্লোছাক গ্ৰেপ্তাৰৰ দাবীত এই বন্ধৰ আহ্বান জনাইছে কংগ্ৰেছী সংগঠনটোৱে। পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই বন্ধৰ অন্ত পৰিব বিয়লি ৩ বজাত।

উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ব শাসিত পৰিষদখন বন্ধ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰো দাবী জনাইছে বন্ধ আহ্বানকাৰী সংগঠনটোৱে। অৱশ্যে বন্ধৰ সময়ছোৱাত জৰুৰাকালীন সেৱাৰ বাহনসমূহৰ লগতে ১৫ আগষ্টৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া বিভিন্ন সাংস্কৃতিক গোটসমূহক ৰেহাই দিয়া হ'ব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in