শেহতীয়া খবৰ
চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...  •  বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী কোৰোনাত আক্ৰান্ত...

দিল্লাই আৰক্ষীৰ তালাচীত ৭ লাখ টকাসহ আটক দুজনক…

230

ডিজিটেল সংবাদ, বোকাজান: দিল্লাই আৰক্ষীৰ নিয়মীয়া তালাচীত গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখী এখন বলেৰ’ গাড়ীৰ পৰা সাত লাখ টকাৰ লগতে এগৰাকী মহিলাসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা মণিপুৰ অভিমুখী এম এন ০৩ এ ২৭৫৮ নম্বৰৰ বলেৰ’ গাড়ীখনত সন্দেহবশত তালাচী চলাই সাত লাখ টকা উদ্ধাৰ হোৱাৰ পাছত লিয়ংখোনৰিন হ’কিপ নামৰ ৪৮ বছৰ বয়সীয়া মহিলাগৰাকীৰ লগতে লামখ’ পাও হ’কিপ নামৰ যুৱকজনক আটক কৰি দিল্লাই থানাত জেৰা কৰে।

প্ৰথম অৱস্থাত টকাখিনি মণিপুৰৰ পৰা অনা বুলি ধৃত ব্যক্তিকেইজনে মিছাকৈ কয় যদিও আৰক্ষীৰ জেৰাৰ পাছত উদ্ধাৰ হোৱা সাত লাখ টকা গুৱাহাটীৰ আই এছ বি টিত অমৃত নামৰ যুৱকজনে ড্ৰাগছৰ বিনিময়ত দিয়া বুলি স্বীকাৰ কৰে। বৰ্তমান ধৃত দুয়োজনকে দিল্লাই থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি