ভূপেন হাজৰিকাৰ সমাধিৰ মূৰ্তি নিৰ্মাণ, গান্ধী মণ্ডপ-সচিবালয়-অসম ভৱন-জ্যোতি চিত্ৰবন-ৰাজভৱনক সজাই পৰাই তোলা লোকজন আৰু নাই…

ভূপেন হাজৰিকাৰ সমাধিৰ মূৰ্তি নিৰ্মাণ, গান্ধী মণ্ডপ-সচিবালয়-অসম ভৱন-জ্যোতি চিত্ৰবন-ৰাজভৱনক সজাই পৰাই তোলা লোকজন আৰু নাই…

ডিজিটেল ডেস্কঃ উত্তৰ পূ্ৰ্বাঞ্চলৰ বিশিষ্ট ভাস্কৰ্য শিল্পী তথা গহপুৰৰ সন্তান দিলীপ ভূষণ শৰ্মাৰ মঙলবাৰে নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন হয়। তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আশুতোষ অগ্নিহোত্রী, সাংস্কৃতিক সঞ্চালকালয়ৰ কেইবাজনো বিষয়া, শিল্পীগৰাকীৰ নিজা বায়েক তথা ৰজতকমল বঁটা প্ৰাপক মিচিং ছবিৰ পৰিচালক ববি শৰ্মা বৰুৱা, কণ্ঠশিল্পী বিদ্যাসাগৰ, অভিনেতা অটুল পাচনি, গুণীন বৰঠাকুৰ, ডম্বৰু নেওগ, কেননৰ উত্তৰ পূৰ্বৰ বিষয়া লোকনাথ খনাল, ৰিন্টু ভৰদ্বাজ, মৃনাল শইকীয়া, জীৱন পৰিয়ালৰ জীৱন বৰকটকী, সাংস্কৃতিক কৰ্মী বেবী বৰুৱা, দীপক বণিয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী বসন্ত বৰুৱা, সমাজকৰ্মী উদয়াদিত্য গোস্বামীকে প্ৰমুখ্য কৰি বহু গুণমুগ্ধ, শিল্পী সমাজৰ লোক উপস্থিত থাকে।

ইয়াৰ পূৰ্বে পুৱা প্ৰায় ১১ বজাত এক্সেল কেয়াৰ হাস্পতালত ৰখা শিল্পীগৰাকীৰ মৃতদেহ শোভাযাত্ৰা কৰি তেওঁৰ চাৰ্ভেৰ বাসগৃহ, ভেটাপাৰাৰ কৰ্মস্থলী, ৰবিন্দ্ৰ ভৱন, সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰন্ত হৈ থকা বিশিষ্ট ভাস্কৰ্য শিল্পীগৰাকীৰ দেওবাৰে পুৱা প্ৰায় ৯ মান বজাত ঘৰতে মূৰ ঘূৰোৱাৰ ফলত ততাতৈয়াকৈ এক্সেল কেয়াৰ হাস্পতাললৈ আনে যদিও চিকিৎসকে মৃত গোষণা কৰে।

শিল্পী গৰাকীৰ বায়েক-ভিনীহিয়েক দক্ষিণ আফ্ৰিকাত থকাৰ বাবে তেওঁলোকৰ ইচ্ছা অনুসৰি আজিলৈকে মৃতদেহ সৎকাৰ কৰিবলৈ ৰাখি থোৱা হৈছিল। শিল্পীগৰাকী সৰুৰে পৰা এক যটিল হৃদৰোগত আক্ৰান্ত হৈ থকাৰ পাছতো অশেষ কষ্ট আৰু ত্যাগৰ বাবে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজৰ বাবে বিভিন্ন কাম কাজ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ বিভিন্ন প্ৰান্তত সম্পাদন কৰা কাম কাজৰ বাবে অসংখ্য লোকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন চৰকাৰী ভাস্কৰ্য্য শিল্প সম্বন্ধিত কাম কাজ শৰ্মাই কৰিছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিৰ ব্ৰ'ঞ্জৰ মূৰ্তি, জ্যোতি চিত্ৰবন, ৰাজভৱন, নতুন দিল্লীৰ অসম ভৱন, গান্ধী মণ্ডপ, খানাপাৰাৰ বিজ্ঞান সংগ্ৰহালয়ৰ বাগিচা সজাই পৰাই তোলা কাম, সচিবালয়ৰ চৌহদৰ অলংকৰণ, শেহতীয়াকৈ মেঘালয়ৰ কণৰাড চাংমাৰ পিতৃৰ ব্ৰ'ঞ্জৰ মূৰ্তি নিৰ্মাণ, প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা অঞ্জন দত্তৰ ব্ৰঞ্জ'ৰ মূৰ্তি নিৰ্মাণ, ছয়দুৱাৰ মহাবিদ্যালয়ত ২০১৯ বৰ্ষৰ সোণালী জয়ন্তিত মহাবিদ্যালয়ৰ চৌহদত ডঃ ভূপেন হাজৰিকাৰ ব্ৰ'ঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণ, গুৱাহাটীত অনুষ্ঠিত ১৭ অনুৰ্ধৰ ফিফা বিশ্বকাপৰ প্ৰতীকপট নিৰ্মাণ ইত্যাদি কাম কৰিছিল। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল তোৰণখনো নিৰ্মাণ কৰিছিল এইগৰাকী শিল্পীয়ে। তাৰোপৰি শেহতীয়াকৈ যোৱা শুকুৰবাৰে গহপুৰলৈ গৈ স্থানীয় বিধায়কৰ সৈতে কামকাজক লৈ এক আলোচনাত মিলিত হয়। সেই অনুসৰি গহপুৰৰ বিধায়কে অসম চৰকাৰৰ সহযোগত বিত্ত বিভাগৰ এক আঁচনিৰ জৰিয়তে গহপুৰত মুক্তিযোদ্ধা ৰামপতি ৰাজখোৱা আৰু জনবন্ধু খ্যাত প্ৰাক্তন মন্ত্ৰী ৰাম শৰ্মাৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপনৰ দায়িত্ব লৈছিল। তাৰোপৰি তেওঁ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, আধুনিক গহপুৰৰ নিৰ্মাতা গনেশ কুটুমৰ প্ৰতিমূৰ্তি আৰু প্ৰাক্তন বিধায়ক তথা কবি, সাহিত্যিক কুশেশ্বৰ বৰুৱাৰো এক ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণৰ কথা গহপুৰৰ বিধায়কৰ সৈতে আলোচনা কৰাৰ লগতে বিধায়কগৰাকীয়ে কামৰ বাবে অনুমোদনো পাইছিল।

শৰ্মাই নিৰ্মাণ কৰা সৰুসজাই ষ্টেডিয়ামৰ মূল প্ৰৱেশ পথৰ মাছকটে সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰা দেখা যায়। ৰংঘৰৰ বাকৰিত থকা গৰু ম'হ চৰি থকাৰ দৃশ্যৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছিল দিলীপ ভূষণ শৰ্মাৰ। উল্লেখ্য যে, তেওঁ পানিখেতিত শিল্প আশ্ৰম নিৰ্মাণৰ পৰিকল্পনা লৈছিল। উল্লেখ্য যে, তেওঁ মৃত্যুৰ সময়ত পত্নী শান্তনা শৰ্মাৰ লগতে একমাত্ৰ কন্যা জীয়া শৰ্মাক ইহসংসাৰত এৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in