শেহতীয়া খবৰ
বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান...  •  শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক  •  দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি...  •  সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক...  •  ঢকুৱাখনাত স্থাপন হ'ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ...  •  ৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ'বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ...  •  তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন...  •  সাৱধান! ৰাজ্যত ইৰাণী গ্ৰুপৰ বৃহৎ বিহাৰী মহিলাৰ গেঙৰ প্ৰৱেশ ...  •  বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO...  •  ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ...

৭৫ হাজাৰ টকাত বিক্ৰী অসমৰ ১ কিঃগ্ৰাঃ চাহঃ মনোহাৰী, মাইজানক চেৰাই অভিলেখ গঢ়িলে ডিকমৰ গ’ল্ডেন বাটাৰফ্লাইয়ে…

664

ডিজিটেল ডেস্কঃ চাহ উৎপাদনত বিশ্বৰ ভিতৰতে অসমৰ আছে এক সুকীয়া স্থান। অসমৰ চাহৰ আদৰ আছে সমগ্ৰ বিশ্বতে। পুনৰবাৰ অসমত উৎপাদিত হোৱা চাহে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৭৫ হাজাৰ টকাত বিক্ৰী হৈছে এক কিলোগ্ৰাম অসমৰ চাহ।

এই ভাল খবৰটো কঢ়িয়াই আনিছে ডিকম চাহ বাগিচাই। ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ এক কিলোগ্ৰাম বিক্ৰী হৈছে ৭৫ হাজাৰ টকাত। এই খবৰে ৰাজ্যবাসীৰ লগতে চাহ উৎপাদকসকলৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা।

বিশ্বৰ আটাইতকৈ দামী চাহৰূপে পৰিগণিত হৈছে ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ। ইয়াৰ পূৰ্বে অধিক মূল্যত চাহ বিক্ৰী হোৱাৰ বাবে অসমৰ চাহে দুবাৰকৈ অভিলেখ সৃষ্টি কৰিছিল। তৃতীয়বাৰৰ বাবে অধিক দামত চাহ বিক্ৰী কৰি পুনৰবাৰ নিজৰে অভিলেখ ভংগ কৰিছে ৰাজ্যৰ চাহে।

পূৰ্বে মনোহৰী আৰু মাইজান বাগিচাৰ চাহে সৃষ্টি কৰিছিল অভিলেখ। মাইজান গ’ল্ডেন চাহ এক কিলোগ্ৰাম বিক্ৰী হৈছিল ৭০,৫০০ টকাত। তাৰ পিছতে মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি