প্ৰসংগ দিহিং-পাটকাইঃ নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ …

প্ৰসংগ দিহিং-পাটকাইঃ  নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ …

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ কয়লা আৰু তেল খননৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ প্ৰতিবাদ । আমাজনৰূপে খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্য আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰে দিয়া কয়লা খনন আৰু তেল খননৰ অনুমতিৰ তীব্ৰ বিৰোধীতা কৰি ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ নাৰায়ণপুৰটো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত নাৰায়ণপুৰ আঞ্চলিক ছাত্র সন্থাই সম্পূৰ্ণ সামাজিক ব্যৱধান মানি চলি ৰূপায়ন কৰে প্ৰতিবাদী মানৱ শৃংখল কাৰ্য্যসূচী।

হাতে হাতে প্লে কাৰ্ড লৈ সংগঠনটোৱে চৰকাৰৰ এই জৈৱ-বৈচিত্ৰ্য বিৰোধী হঠকাৰী কাৰ্য্যৰ গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় । উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছু নেতা জ্যোতিৰ্ময় হাজৰিকা,ক্ষিৰোদ দুৱৰা,নৱজ্যোতি বৰা প্ৰমুখ্যে বহু কেইগৰাকী ছাত্র নেতাই অংশগ্ৰহণ কৰে ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in