ডিজিটেল চোৰৰ সন্ত্ৰাস! ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আকৌ অন্তৰ্ধান গ্ৰাহকৰ ধন

ডিজিটেল চোৰৰ সন্ত্ৰাস! ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আকৌ অন্তৰ্ধান গ্ৰাহকৰ ধন

ডিজিটেল সংবাদ, কলিয়াবৰঃ ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আপোনাৰ একাউণ্ট আছে নেকি? যদি আছে তেন্তে সাৱধান। কিয়নো ডিজিটেল চোৰে বাৰুকৈয়ে লম্ভিছে ষ্টেট বেংকৰ এই শাখাটোক। যিকোনো মুহূৰ্ততে আপোনাৰ অজ্ঞাতে অন্তৰ্ধান হৈ পৰিব পাৰে কষ্টোপাৰ্জিত ধন।

এমাহৰ ভিতৰত শাখাটোত দুটাকৈ এনে ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া এনেদৰে সন্ত্ৰস্ত হৈ পৰিছে একাউণ্টধাৰী গ্ৰাহকসকল। জানিব পৰা মতে, মঙলবাৰে শাখাটোত দেখা দিয়া ডিজিটেল চোৰৰ কবলত পৰে ৰনবাহাদুৰ ছেত্ৰী নামৰ এজন গ্ৰাহক।

দেশৰ ৰাজহুৱা খণ্ডৰ শীৰ্ষ স্থানত থকা বেংকটোত ধন জমা থৈ নিশ্চিন্ত ছেত্ৰী ইমানদিনে নিশ্চিন্ত মনে আছিল যদিও আজি একাউণ্ট থকা কলিয়াবৰ শাখালৈ আহি হতভম্ব হৈ পৰে। কোনো কামত বেংকটোত উপস্থিত হৈ পাছবুক আপডেট কৰি গ্ৰাহকজনে দেখে যে তেওঁৰ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ধান হৈছে চাৰি লক্ষাধিক টকা।

স্থায়ী জমাৰ ১লাখ ৬০ হাজাৰ টকাও অন্তৰ্ধান হৈ পৰাত অতি আচৰিত হৈ পৰে গ্ৰাহকজন। এই ধন হৰলুকিৰ ঘটনা ১০-১৩ ছেপ্তেম্বৰৰ ভিতৰত সংঘটিত হোৱা বুলিও তেওঁ জানিব পাৰে। কিন্তু তেওঁৰ অজ্ঞাতে কেনেকৈ ধনৰাশি স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ধান হ'ল সেই বিষয়ে বেংক কৰ্তৃপক্ষৰ পৰা কোনো সদুত্তৰ নাপালে লোকজনে।

উপায়ন্তৰ হৈ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া গ্ৰাহকজন। আশ্চৰ্যজনকভাৱে, যোৱা ২৮ আগষ্টতো শাখাটোৰ পৰা চফিৰ উদ্দিন নামৰ এজন গ্ৰাহকৰ প্ৰায় পাচ লক্ষাধিক টকা অন্তৰ্ধান হোৱাৰ তথ্য পোহৰলৈ আহিছিল। আৰক্ষীয়ে দুয়োটা ঘটনাৰে তদন্ত আৰম্ভ কৰিছে যদিও ইয়াৰ আঁৰৰ ৰহস্য পোহৰলৈ অহা নাই।

এনেদৰে এমাহ নৌহওতেই শাখাটোত দুটাকৈ অনুৰূপ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে আন গ্ৰাহকসকল। উল্লেখ্য যে, এবছৰ পূৰ্বে ইন্ডাছইণ্ড নামৰ এটা বেংকতো কেবাজনো গ্ৰাহকৰ ধন স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ধান হোৱাৰ তথ্য পোহৰলৈ আহিছিল। পিছত উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছিল অলিভিয়া বৰা নামৰ বেংকটোৰ এগৰাকী মহিলা বিষয়াসহ কেবাজনো কৰ্মচাৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in