ৰিলায়েন্স জিঅ’ৰ ডিজিটেল বিপ্লৱ

ৰিলায়েন্স জিঅ’ৰ ডিজিটেল বিপ্লৱ

 বিদ্যুৎ কুমাৰ শৰ্মা

সকলোৰে হাতে হাতে এতিয়া স্মাৰ্টফোন। ৰে'ল, বাছৰ ভিতৰৰ সৰস আড্ডাৰ পৰা গাঁৱলীয়া ডেকাই কেৰম খেলৰ নামত পাৰ কৰা সময় এতিয়া যেন কাঢ়ি নিছে স্মাৰ্টফোনসমূহে। সকলোৱে যেন নিজক লৈয়ে ব্যস্ত। হাতত এটা স্মাৰ্টফোন থকা মানে গোটেই পৃথিৱী আপোনাৰ মুঠিত।

কিন্তু ভাৰতৰ এনে স্মাৰ্টফোনৰ জনপ্ৰিয়তাৰ অন্তৰালত আছে এটা প্ৰতিষ্ঠানৰ অনবদ্য অৱদান। সেয়া হৈছে দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানি মালিকানাধীন ৰিলায়েন্স জিঅ' ইনফ'কম লিমিটেড। ৰিলায়েন্স জিঅ'ৰ আগমনৰ পূৰ্বৰে ভাৰতত ডিজিটেল বিপ্লৱ আৰম্ভ হোৱা বুলি কোৱাটো সমীচীন নহ'ব।

কিয়নো মুক্ত অৰ্থনীতিৰ জৰিয়তে কেইবাটাও প্ৰসিদ্ধ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠানৰ লগতে চীনৰ ব্যয়সাধ্য মূল্যৰ স্মাৰ্টফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে ভাৰতৰ বজাৰত যথেষ্ট কম দামতে বিভিন্নধৰণৰ স্মাৰ্টফোন মূকলি কৰিছিল যদিও এনে স্মাৰ্টফোনসমূহ ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ বাবে প্ৰয়োজন হোৱা ইণ্টাৰনেট পেকৰ মূল্য আছিল বহুতৰ বাবে বহনক্ষমতাৰ বাহিৰত।

সেয়েহে বহুতো লোকে স্মাৰ্টফোন এটা কিনিলেও ইয়াৰ ব্যৱহাৰত যথেষ্ট সতৰ্ক হৈছিল। মন গ'লেও তেওঁলোকে ডাটা কৰ্তন হোৱাৰ ভয়ত ইউটিউবত ভিডিঅ' চোৱা, ভিডিঅ' কলিং আদিৰ দৰে কামৰ পৰা বিৰত আছিল। সেই সময়ত কেইবাটাও প্ৰতিষ্ঠানে প্ৰায় এমাহৰ বাবে আগবঢ়োৱা 2 জি-3 জি ডাটা পেকৰ মূল্য আছিল প্ৰায় ৩০০ টকা পৰ্যন্ত। কিন্তু এই দৃশ্যপট সলনি হৈছিল ২০১৬ চনৰ ছেপ্তেম্বৰত। সেই সময়ত ভাৰতৰ দূৰসংযোগ খণ্ডত প্ৰৱেশ ঘটিছিল ৰিলায়েন্স জিঅ'ৰ। জিঅ'ৰ আগমনৰ লগে লগে সকলোৰে মুখে মুখে এই প্ৰতিষ্ঠানটোৰ নাম প্ৰচাৰিত হৈছিল।

ইয়াৰ কাৰণ আছিল– দৈনিক ১ জি বিকৈ আগবঢ়োৱা বিনামূলীয়া 4জি ডাটাৰ সূবিধা। যিটো ভাৰতীয় লোকৰ বাবে কল্পনাৰো অগোচৰ আছিল। অৱধাৰিতভাৱে অভিলেখ হাৰত ম'বাইল গ্ৰাহক সংযোজিত হৈছিল জিঅ'ৰ নেটৱৰ্কৰ সৈতে। প্ৰতিষ্ঠানটোৱে মাত্ৰ এক মাহৰ ভিতৰতে ১৬ নিযুত গ্ৰাহক লাভ কৰিবলৈ সক্ষম হৈছিল। ৮৩ দিনত জিঅ'ৰ গ্ৰাহকৰ সংখ্যা হৈছিল ৫০ নিযুত।

ইতিমধ্যে ১০০ নিযুত গ্ৰাহকৰ সংখ্যা অতিক্ৰম কৰা জিঅ' প্ৰতিষ্ঠানটোৰ এনে সফলতাৰ আঁৰত আছিল তেওঁলোকৰ বিপণন কৌশল। জিঅ'ৰ এনে ডিজিটেল বিপ্লৱৰ নেতৃত্ব বহন কৰিছিল মুকেশ আম্বানিৰ লগতে তেওঁৰ পুত্ৰ-কন্যা ক্ৰমে আকাশ আম্বানি, অনন্ত আম্বানি আৰু ঈশা আম্বানিয়ে। ৰিলায়েন্স জিঅ'ৰ এনে ডিজিটেল বিপ্লৱৰ ফলত আটাইতকৈ লাভান্বিত হৈছিল ভাৰতৰ গ্ৰাহকসকল। এই প্ৰতিষ্ঠানটোৰ বাবেই ভাৰতীয় লোকসকলে প্ৰায় দহ টকা মূল্যত ১ জিবিকৈ 4জি ডাটা লাভৰ সুযোগ পাইছিল। য'ত নেকি এসময়ত প্ৰতি জিবি 3 জি ডাটাৰ নামত এগৰাকী গ্ৰাহকে ভৰিবলগীয়া হৈছিল ৩০০-৪০০ টকালৈকে।

জিঅ'ৰ ফলতে মাত্ৰ ছমাহৰ ভিতৰত ভাৰতৰ ইণ্টাৰনেট ডাটাৰ ব্যৱহাৰৰ সংখ্যা ২০ কোটি জিবিৰ পৰা ১২০ কোটি জিবিলৈকে বৃদ্ধি পাইছিল। একেদৰে জিঅ'ৰ বিনামূলীয়া ভয়চ কলিঙৰ ফলত ভাৰতত ম'বাইলৰ ৰিচাৰ্জ কুপন ক্ৰয় কৰাটো বহুতৰ বাবে হৈ পৰিছে স্মৃতিসদৃশ। আটাইতকৈ উল্লেখনীয় দিশটো এয়ে যে জিঅ'ৱে অভাৱনীয়ভাৱে কম মূল্যত ইণ্টাৰনেট আৰু বিনামূলীয়া ভয়চ কলিঙৰ সুবিধা আগবঢ়োৱাৰ পিছত অন্য দূৰসংযোগ প্ৰতিষ্ঠানসমূহেও এনে পদ্ধতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।

ইয়াৰ ফলত সৰ্বাধিক লাভান্বিত হৈছে দেশৰ গ্ৰাহকসকল। আনহাতে জিঅ'ৰ আগমনৰ পিচত প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি ইতিমধ্যে সেৱা বন্ধ কৰিছে কেইবাটাও দূৰসংযোগ প্ৰতিষ্ঠানে। ব্যয়সাধ্য মূল্যৰ এনে সেৱা আগবঢ়াই থকা জিঅ'ৱে অদূৰ ভৱিষ্যতে আৰু কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি নতুনত্বক আদৰি আনে সেয়া সকলোৰে বাবে হ'ব লক্ষণীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in