ডিজিটেল মিটাৰৰ মাধ্যমত এপিডিচিএলৰ লুন্ঠন, গ্ৰাহকৰ ধমকত তিনিহাজাৰৰ বিল কমিল দুহাজাৰলৈ…

ডিজিটেল মিটাৰৰ মাধ্যমত এপিডিচিএলৰ লুন্ঠন, গ্ৰাহকৰ ধমকত তিনিহাজাৰৰ বিল কমিল দুহাজাৰলৈ…

ডিজিটেল সংবাদঃ ডিজিটেল মিটাৰ ৰিডিঙৰ নামত এইবাৰ বিদ্যৎ গ্ৰাহকক  লুটপাতত নামিছে এপিডিচিএল। উল্লেখযোগ্য যে পূৰ্বে বিদ্যু বিভাগে নিয়োগ কৰা মিটাৰ ৰিডাৰসকলে বিলিং বহীত মিটাৰৰ ইউনিত নাম্বাৰ যোগ-বিয়োগ কৰাৰ জৰিয়তে বিগত মাহৰ ব্যৱহৃত বিদ্যুতৰ পৰিমাণ লিপিবদ্ধ কৰি কাৰ্যালয়ত জমা দিয়াৰ পিছত, কাৰ্যালয়ৰ পৰা গ্ৰাহকসকললৈ লিখিত ৰূপত বিল প্ৰেৰণ কৰাৰ ব্যৱস্থা আছিল।

কিন্তু চলিত বৰ্ষৰ আৰম্ভনিৰ পৰা এপিডিচিএলে মিটাৰ ৰিডিঙৰ বাবে ডিজিটেল মেছিনৰ ব্যৱস্থা কৰি অস্থায়ী মিটাৰ ৰিডাৰৰ মাধ্যমত প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকৰ ঘৰত বা প্ৰতিষ্ঠানতে ঘৰুৱা অথবা ব্যৱসায়ীক শ্ৰেণীভুক্ত বিলসমূহ থিতাতে দিয়াৰ এক নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যিসকল মিটাৰ ৰিডাৰৰ হাতত এই অত্যাধুনিক ডিজিটেল মিটাৰ ৰিডিং মেছিন তুলি দিয়া হৈছে, তেওঁলোকক ইয়াৰ ব্যৱহাৰৰ বাবে পৰ্যাপ্ত প্ৰশিক্ষণ দিয়া হোৱা নাই।

অৱশ্যে বিভিন্ন লোকে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত এপিডিচিএলে বিলৰ পৰিমাণ অত্যাধিক হাৰত বৃদ্ধি হোৱাৰ ঘটনা সন্দৰ্ভত এই অজুহাত দেখুৱালেও ৰাইজৰ মতে অতি কৌশলপূৰ্ণভাৱে এনে পদ্ধতিৰে সৰল গ্ৰাহকৰ মূৰত মাধমাৰ সোধাই প্ৰতিমাহে কোটি কোটি টকা সৰকাই নিছে। গুৱাহাটী মহানগৰীত বসবাস কৰা এক লক্ষাধিক পৰিয়ালৰ লগতে সমপৰিমানৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰে এক বৃহৎ অংশৰ পৰা এনে অত্যাধুনিক মেছিনৰ ব্যৱহাৰৰ নামত ভুৱা বিলেৰে কোটি কোটি টকা লুটি নিয়া বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আনহে নালাগে ৰাজধানী দিশপুৰৰ বিদ্যুৎ উপসংমণ্ডলৰ এলেকাতে বসবাস কৰা বহুকেইগৰাকী গ্ৰাহকে তথ্যসহ আমাৰ ওচৰত এই অভিযোগ তুলি ধৰিছে। শেহতীয়াকৈ অসমীয়া প্ৰতিদিনৰ হাতত পৰা তেনে এখন বিলত  উল্লেখ কৰামতে জুন মাহত তেওঁ ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমাণ আছিল ৩৬৪ ইউনিত। গাৰ্হস্থ্য বিলৰ নিৰিক্ষ ৬.৯৫ টকা হাৰত এই ব্যৱহৃত ইউনিতৰ বিপৰীতে আদায় দিব লগা ধনৰ পৰিমাণ হ'ল ২৫২৯.৮ টকা। আনহাতে প্ৰতিমাহে আদায় দিব লগা নিৰ্দিষ্ট ৰাজহ, সেৱা কৰকে ধৰি অতিৰিক্ত ভাৱে আদায় দিব লগা ধনৰ পৰিমাণ হয়গৈ ৩৮৫.৫০ টকা ।

ডিজিটেল মেছিনেৰে এপিডিচিএলে দিয়া বিল

অৰ্থাৎ গ্ৰাহক গৰাকীয়ে জুলা মাহৰ ২৮ তাৰিখে নিৰ্ধাৰণ কৰা শেষ সময়সীমাৰ ভিতৰত জুন মাহৰ বিলৰ বাবদ আদায় দিব লগা ধনৰ পৰিমাণ হয়গৈ ২৯১৫.২০ টকা। ইফালে অত্যাধুনিক মেছিন লৈ মিটাৰ ৰিডিঙৰ বাবে উপস্থিত হোৱা মিটাৰ ৰিডাৰে ডিজিটেল মেচিনৰ সহায়ত থাউকতে উলিয়াই দিয়া বিলত আদায় দিব লগা ধনৰ পৰিমাণ দেখি তেওঁ হতভম্ব হৈ পৰে। ব্যৱস্থা অনুসৰি মিটাৰ ৰিডাৰৰ হাতত পইচা দিয়াৰ নিয়ম নাই। ইয়াৰ বিপৰীতে এপিডিচিএলৰ কাউন্টাৰত চেক যোগে এই ধন গ্ৰাহকে আদায় দিব লাগে। ইফালে আমাক অভিযোগ উত্থাপন কৰা গ্ৰাহকজনে জানিবলৈ দিয়া মতে এনে এখন অবান্তৰ বিল লাভ কৰাৰ পিছত হতভম্ব হৈ পৰা গ্ৰাহকজনে বিজুলী ভৱনত থকা এপিডিচিএলৰ ত'ল ফ্ৰি ফোন নম্বৰত অভিযোগৰ বাবে কেইবাবাৰো যোগাযোগ কৰি ব্যৰ্থ হোৱাত নিজেই গৈ দিশপুৰ উপসংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয়।

তেওঁ মিটাৰ ৰিডাৰে তেওঁক প্ৰদাণ কৰা বৃহ্ৎ অংকৰ ডিজিটেল বিলখন দেখুৱাই কেনেকৈ তেওঁৰ বিলৰ পৰিমাণ ইমান হ'ব পাৰে সেই বিষয়ে জানিব বিচাৰে। তেওঁ পূৰ্বৰ বিলসমূহৰ পৰিমাণো কাৰ্যালয়ত প্ৰদৰ্শণ কৰে। অৱশ্যে শিক্ষিত গ্ৰাহকজনৰ যুক্তিপূৰ্ণ অভিযোগ আৰু ডাঙি ধৰা তথ্যৰ পিছত তাত থকা বিষয়াগৰাকীয়ে এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় যে এজেন্টৰ ভূলৰ বাবেই ডিজিটেল মেছিনৰ ভূল প্ৰয়োগত তেওঁৰ প্ৰকৃত বিলৰ সৈতে ১০০৮ টকা অতিৰিক্তভাৱে সংযুক্ত হৈছিল।

সেয়ে বিল আদায় দিওতে ১০০৮ টকা তেওঁ কমকৈ দিলেও হ'ব। পিছে গ্ৰাহকজনৰ প্ৰশ্ন হ'ল তেওঁ নিজে বিষয়টো গুৰুতসহকাৰে লৈ কাৰ্যালয়ত ইয়াৰ বিসংগতি উদ্ঘাটনৰ চেষ্টা কৰাৰ বাবেহে ১০০৮ টকা অতিৰিক্তভাৱে ভৰনি হোৱাৰ পৰা তেওঁ ৰক্ষা পৰে যদিও অধিকাংশ লোকৰে এইদৰে বিলৰ শুদ্ধাশুদ্ধ পৰীক্ষা কৰাৰ সময় অথবা সুযোগ নথাকাটোৱেই স্বাভাৱিক। বহু ব্যৱসায় প্ৰতিস্থানে ডিজিটেল ব্যৱস্থাৰ মাধ্যমেৰে বিল লাভ কৰাৰ পাছত নিম্ন শ্ৰেণীৰ কৰ্মচাৰীৰ জৰিয়তেই সেই বিলৰ ধন আদায় দিয়াৰ লগতে গুৱাহাটী মহানগৰীত বসবাস কৰা সাধাৰণ শ্ৰণীৰ অথবা অতি ব্যস্ত শ্ৰেণীৰ লোকসকলেও তেনেদৰেই শুদ্ধৰণি নকৰোৱাকৈ ভূল বিলত নিৰ্ধাৰিত ধনৰ পৰিমাণ মতেই বিল আদায় দিয়াটোৱেই স্বাভাৱিক।

ডিজিটেল মিটাৰেৰে এপিডিচিএলে দিয়া বিল

যদিহে এনে হ'বলৈ হয় তেন্তে প্ৰতিমাহেই এপিডিচিএলে মিটাৰ অনভিজ্ঞ ডিজিটেল মিটাৰ ৰিডাৰৰ ভূল বিলৰ বাবে অতিৰিক্তভাৱে উলিয়াই নিয়া ধনৰ পৰিমাণ গুৱাহাটীতে পাঁচ কোটিৰো অধিক হোৱাটোৱেই স্বাভাৱিক। সেয়ে গ্ৰাহকজনৰ প্ৰশ্ন হ'ল ডিজিটেল মিটাৰ ৰিডিং মেছিন ব্যৱহাৰেৰে মিটাৰ ৰিডিঙৰ ব্যৱস্থা প্ৰয়োগ কৰি এপিডিচিএলে বিদ্যুতৰ বিল সংগ্ৰহৰ ব্যৱস্থাটোক অধিক নিখূট কৰাৰ চেষ্টা চলাইছে নে ইয়াৰ মাধ্যমত অনভিজ্ঞ গ্ৰাহকক লুটপাতৰ চলাইছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো প্ৰয়োজন।              

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in