১০ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে গঠন কৰিলে ‘ডিজিটেল নিউজ’ৰ উমৈহতীয়া মঞ্চ

১০ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে গঠন কৰিলে ‘ডিজিটেল নিউজ’ৰ উমৈহতীয়া মঞ্চ

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমাৎ বৃদ্ধি পাইছে ডিজিটেল নিউজৰ জনপ্ৰিয়তা। তথ্য-প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন, ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে আন মাধ্যমৰ পৰিৱৰ্তে একাধিক বিশেষ সুবিধাৰ বাবে অধিকাংশ লোকে এতিয়া ডিজিটেল প্লেটফৰ্মত বা-বাতৰি চাবলৈ আৰম্ভ কৰিছে।

ডিজিটেল মাধ্যমৰ এনে জনপ্ৰিয়তালৈ চাই ১০ টাকৈ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে শুকুৰবাৰে এখন উমৈহতীয়া মঞ্চ গঠন কৰে। অনলাইন সংবাদ মাধ্যমক বিশ্বৰ অন্যন্য দেশসমূহৰ দৰে অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে সংবাদ প্ৰতিষ্ঠানকেইটাই গঠন কৰে 'ডিজিটেল নিউজ পাব্লিছাৰ্ছ এছ'চিয়েশ্যন' চমুকৈ ডিএনপিএ নামৰ সংস্থাটো।

ডিএনপিএ নামৰ সংস্থাটো গঠন কৰা এই ১০টা সংবাদ প্ৰতিষ্ঠান হৈছে এনডিটিভি, ইণ্ডিয়া টুডে, দৈনিক ভাস্কৰ, হিন্দুস্তান টাইমছ, টাইমছ অব ইণ্ডিয়া, ইণ্ডিয়ান এক্সপ্ৰেছ, অমৰ উজালা, দৈনিকা জাগৰণ, ইনাডু আৰু মালায়লা মনোৰমা।

এই উমৈহতীয়া মঞ্চত দেশৰ অনলাইন মাধ্যমত বাতৰি প্ৰকাশ কৰা যিকোনো সংবাদ প্ৰতিষ্ঠানে যোগ দিব পাৰে বুলি জনাইছে প্ৰতিষ্ঠাপক সদস্যসকলে। 'এয়া ডিজিটেল যুগ। সকলো ক্ষেত্ৰতে অহা পৰিৱৰ্তনৰ দৰেকৈ সংবাদ মাধ্যমলৈও পৰিৱৰ্তন আহিছে। সেয়ে আমি সংবাদ মাধ্যমৰ প্ৰকৃত ধৰ্ম অনলাইনৰ ক্ষেত্ৰখনতো যাতে অটুত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সংস্থা গঠন কৰিছো।'-এইদৰে কয় ইণ্ডিয়ান এক্সপ্ৰেছৰ ডিজিটেল চিইঅ' দুৰ্গা ৰঘুনাথে।

আনহাতে, টাইমছ অব ইণ্ডিয়াৰ ডিজিটেল চিইঅ গৌতম সিনহাই কয়, 'এয়া এক বৃহ পদক্ষেপ। এতিয়া আমি একেলগে উমৈহতীয়া বিষয়বোৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম আৰু একেলগে বিশ্বৰ সৈতে ফেৰ মাৰি আগুৱাই যাব পাৰি।' একেই আশাকে প্ৰকাশ কৰে বাকী সংবাদ প্ৰতিষ্ঠান কেইটাৰ সৈতে জড়িত শীৰ্ষ বিষয়া তথা সম্পাদকসকলেও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in