শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

আহি আছে ডিজিটেল ড্ৰাইভিং লাইচেন্স

765

ডিজিটেল ডেস্কঃ মোডীৰ ডিজিটেল ইণ্ডিয়া সাৰ্থক কৰা দিশত আন এক খোজ। এতিয়াৰে পৰা ড্ৰাইভিং কৰি থাকোতে পথত ট্ৰেফিক আৰক্ষীক দেখাব নালাগে প্ৰকৃত ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চি।

পথ পৰিবহণ মন্ত্ৰণালয়ে মুকলি কৰিছে এটা এপ। যিটো এপৰ জৰিয়তে মোবাইলতে উপলদ্ধ হ’ব আপোনাৰ লাইচেঞ্চ আৰু আৰ চি।

এম পৰিবহণ বা ডিজিল’কাৰ নামৰ এই এপটোৰ যোগেদি আপুনি নিজৰ লাইচেঞ্চ বা আৰ চি ট্ৰেফিক আৰক্ষীক দেখুৱাব পাৰিব।

এই সৰ্ম্পকত ইতিমধ্যেই পথ পৰিবহন মন্ত্ৰণালয়ে ৰাজ্য সমূহৰ পৰিবহণ বিভাগ আৰু ট্ৰেফিক আৰক্ষীলৈ এই নিৰ্দেশ প্ৰেৰণ কৰিছে।

এই ডিজিল’কাৰ বা এম পৰিবহণ এপটো প্ৰথমে আপুনি মোবাইলত ডাইনলড কৰি আধাৰ নম্বৰৰ জৰিয়তে ড্ৰাইভিং লাইচেন্স আৰু আৰ চিৰ বিষয়সমূহ তাত সংযোগ কৰিব লাগিব।

ইয়াৰ পিছতে এটা পিন ক’ডৰ জৰিয়তে আপোনাৰ ফোনত উপলদ্ধ হ’ব ডিজিটেল লাইচেঞ্চ আৰু আৰ চি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি