মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত আলোচনী – ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন…

মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত আলোচনী – ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন…

ডিজিটেল সংবাদ মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত আজি এখন বাৰ্ষিক আলোচনী উন্মোচিত হয়। এই উপলক্ষত সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ শিক্ষক গোটৰ চেষ্টাত বাৰ্ষিক আলোচনী হিচাপে প্ৰকাশ কৰি উলিওৱা 'জ্ঞানৰ জ্যোতি' নামৰ আলোচনীখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানে।

মনোজ্ঞ অনুষ্ঠানটোত জিলা শিক্ষা বিভাগৰ দ্বায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, শিক্ষা বিষয়া প্ৰতিভা কুৰ্মী, সংবাদকৰ্মী প্ৰণৱ বৰগোঁহাই, আটছাৰ নেতা বাসুদেৱ কুমাৰকে ধৰি কেবাগৰাকী বক্তাই বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে, শিক্ষানুষ্ঠান খনিৰ শিক্ষকসকলৰ উদ্যোগত অধ্যয়ণৰত ছাত্র-ছাত্ৰী সকলৰ জ্ঞান আৰু বৌদ্ধিক বিকাশৰ বাবে নিৰ্মাণ কৰি উলিওৱা এটা ডিজিটেল শ্ৰেণীকোঠা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in