৩১ জানুৱাৰীত উন্মোচন কৰা হ’ব দিগন্ত কুমাৰ নাথৰ ‘চলন্তিকা’

৩১ জানুৱাৰীত উন্মোচন কৰা হ’ব দিগন্ত কুমাৰ নাথৰ ‘চলন্তিকা’

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া সাহিত্য জগতলৈ নতুন সংযোজন দিগন্ত কুমাৰ নাথৰ 'চলন্তিকা'। অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী সমন্বয় প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা দিগন্ত কুমাৰ নাথৰ এই নৱতম সংযোজন গ্ৰন্থখনি অহা ৩১ জানুৱাৰী, ২০২০ত উন্মোচন কৰা হ'ব গুৱাহাটী প্ৰেছ ক্লাৱত।

বিয়লি ৩ বজাত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ উন্মোচনী অনুষ্ঠানত 'চলন্তিকা'ৰ উন্মোচন কৰিব বিশিষ্ট ভাষা বিজ্ঞানী, সাহিত্যচাৰ্য ড০ ৰমেশ পাঠকে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব 'প্ৰকাশ'ৰ সম্পাদক তথা ৰাজ্যৰ প্ৰবীণ সাংবাদিক মিহিৰ দেউৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক কিশোৰ মোহন ভট্টাচাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in