নীৰৱ দৰ্শক মীণ বিভাগ, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত ৪০ কিলোৰ ভকুৱাসহ ৰহস্যজনক মৃত্যু ৫০ কুইন্টল মাছৰ…

নীৰৱ দৰ্শক মীণ বিভাগ, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুখুৰীত ৪০ কিলোৰ ভকুৱাসহ ৰহস্যজনক মৃত্যু ৫০ কুইন্টল মাছৰ…

বিশালাকাৰৰ মাছ। দুজন লোকে ভাৰ বৈ নিব লগা হৈছে এটা ভকুৱা মাছ। এনেকুৱা বহু মাছ মৰিছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। লকডাউনৰ মাজতে ৪০ কিলো ওজনৰ মাছেও মৃত্যুক সাৱটিছে এই পুখুৰীটোত। মন্দিৰ কৰ্তৃপক্ষৰ মতে, ৫০ কুইন্টলৰো অধিক মাছে মৃত্যুক সাৱটিছে এতিয়ালৈকে। কেৱল পৰিদৰ্শন কৰিয়ে দায়িত্ব সামৰিছে মীণ বিভাগে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

হাজো অথবা নামনি অসমৰ বাবেই নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবেই স্বাভিমান আৰু অনন্য ঐতিহ্যবহনকাৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সমান্তৰালকৈ প্ৰায় ৫ শতিকাৰ ঐতিহ্য বহন কৰা অনন্য উপাসনাথলীখনৰ সৈতে সংলগ্ন ১২ বিঘা মাটিৰ বিশাল পুখুৰীটোত থকা শতায়ু গৰকা বিশালাকাৰ মাছ আৰু কাছ ৰাজ্যবাসীৰ লগতে দেশী-বিদেশী পৰ্যটকৰ বাবেও এক অনন্য আকৰ্ষণ। উক্ত মন্দিৰ দৰ্শনৰ বাবে যোৱা প্ৰতিজন লোকেই মাছ-কাছক থাওকতে দোকানত পোৱা এমুঠি আহাৰ দি থৈ হে মন্দিৰৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰে।

কোৰোনাৰ লকডাউনৰ সময়চোৱাত এই মাছ-কাছই কি খাইছে সেই লৈ দৰিদ্ৰ লোকতকৈও বেছি চিন্তা আছিল মানুহৰ। সেয়েহে মন্দিৰ সমিতিলৈ কোনো কোনোৱে মাছ-কাছৰ খাদ্যৰ বাবে পাৰ্যমানে সহায়ৰ হাতো আগবঢ়াইছিল। বিগত সময়ত কাহানিও, কেতিয়াও উক্ত পুখুৰীৰ মাছ স্থানীয় ৰাইজে খাদ্য হিচাপে ব্যৱহাৰ কৰা বা বিক্ৰী কৰাৰ কথাও চিন্তা কৰিব পৰা নাছিল ২১ মে' তাৰিখৰ পৰা হঠাতে ঐতিহ্যপূৰ্ণ পুখুৰীটোৰ বিৰল আকৃতিৰ অসংখ্যা মাছ মৰিবলৈ ধৰাত সমগ্ৰ হাজোবাসী শোকাহত হয়।

অবিশ্বাস্য যেন লাগিলেও এইয়া সঁচা যে, বিগত এশ বছৰত কোনো দিনে এই পুখুৰীত মাছ নধৰা ৰাইজে যোৱা দিন কেইটাত ৪০-৫০ কিলো ওজনৰ বিশাল আকৃতিৰ ভকুৱা, ৰৌ আদি মাছো উপঙি থকা দেখিবলৈ পায় শোকত ভাগি পৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ১৫ ফুটতকৈও অধিক দ পুখুৰীটোত বিভিন্ন আকৃতিৰ মাছ যোৱা দিনকেইটাত অবিৰতভাৱে মৃত্যুৰ মুখত পৰিছে যদিও মীণ বিভাগে ইয়াৰ প্ৰকৃত কাৰণ আৰু প্ৰতি বিধান সম্পৰ্কে কোনো ব্যাখ্যা দিব পৰা নাই।

মন্দিৰ সমিতিৰ সভাপতি গগেন কলিতা, সম্পাদক পংকজ শৰ্মা, জ্যোতিষ দাস আৰু অন্যান্য লোকসকলে জানিবলৈ দিয়া মতে, ২২-২৩ মে'ত দিনা মীণ বিভাগৰ নিম্ন পৰ্যায়ৰ বিষয়া ২ গৰাকী ইয়ালৈ আহে যদিও বিগত ৫ টা দিনত ৪০-৫০ কুইন্টল মাছৰ মৃত্যু হোৱাৰ কাৰণ সঠিকভাৱে নিৰুপণ কৰাত তেওঁলোক ব্যৰ্থ হয়। আনহাতে মীণ বিভাগৰ মতে যিহেতু পুখুৰীটো মন্দিৰ সমিতিৰ তত্বাৱধানতহে থাকে সেয়েহে তাৰ নিয়মীয়া তদাৰক কৰাটো সম্ভৱ নোহোৱাৰ বাবেই এনে পৰিস্থিতি হ'ব পাৰে। গগেন কলিতাৰ মুখেৰে জানিব পৰা মতে, মীণ বিভাগৰ বিষয়া দুগৰাকীয়ে এনেদৰে মাছৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ জানিবলৈ দি কয় যে, দীৰ্ঘদিন ধৰি পুখুৰীটোৰ তলত জমা হোৱা বোকামাটিৰ তৰপত উৎপন্ন হোৱা বিষাক্ত গেছৰ ফলতো মাছৰ এনেদৰে মৃত্যু হ'ব পাৰে।

দ্বিতীয় এক কাৰণ হিচাপে তেওঁলোকে কয় যে, দীৰ্ঘদিনে মাছ নমৰা পুখুৰীটোৰ পানীৰ উপৰি ভাগৰ চামনিৰ ফলত অক্সিজেনৰ পৰিমাণ শূণ্যপ্ৰায় হোৱাৰ বিপৰীতে এমোনিয়াৰ পৰিমাণ বৃদ্ধি পাইছে। অৱশ্যে বিশালাকাৰ মাছবোৰ অধিক বয়সৰ বাবেই মৃত্যুৰ মুখত পৰিব পাৰে বুলিও তেওঁলোকে কয়। পিছে এনেদৰে মন্তব্য কৰিলেও প্ৰতিবিধান সন্দৰ্ভত মীণ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বাৰুকৈয়ে বিপাঙত পৰিছে মন্দিৰ সমিতি। গগেন কলিতাই জানিবলৈ দিয়া মতে, মীণ বিভাগৰ পৰামৰ্শক্ৰমেই মাছ-কাছৰ বাবে ফৰ্মুলেটেড ফীড আগবঢ়োৱা হয়।

তাৎপৰ্যপূৰ্ণভাৱে আকৌ মীণ বিভাগে অক্সিজেনৰ পৰিমাণ শূণ্য হোৱাৰ বিপৰীতে এমোনিয়াৰ পৰিমাণ বেছি হোৱাটোৱে মূল কাৰণ বুলি ক'লেও পুখুৰীটোত থকা বিশালাকাৰ কাছৰ পিছে মৃত্যু হোৱা নাই। মন্দিৰ সমিতিয়ে দুখ আৰু আক্ষেপ প্ৰকাশ কৰি কয় যে, এই মন্দিৰৰ মাছকো হাজোবাসীয়ে পবিত্ৰ জ্ঞান কৰে আৰু সেয়া মাৰি খোৱাটো দূৰৰে কথা কোনো দিন বিক্ৰীৰ কথাও ভবা নাই। ২০১৩ চনতো এনেদৰে আকস্মিকভাৱে কিছু মাছ মৰিছিল যদিও সেয়া বৰ্তমানৰ তুলনাত অতি কম আছিল। কিন্তু যোৱা এসপ্তাহে যি হাৰত মাছ মৰিছে সেয়াই সমগ্ৰ হাজোবাসীকে কন্দুৱাই তুলিছে। চৰকাৰকো হাজোবাসীয়ে মীণ বিভাগৰ উদাসীনতাৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিক আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in