দ্য হেণ্ড অৱ গ’ড আৰু নাই…

দ্য হেণ্ড অৱ গ’ড আৰু নাই…

ফুটবলৰ কিংবদন্তি মাৰাডোনা আৰু নাই। ফুটবলৰ এই পূজাৰীজনৰ মৃত্যুত সকলো মৰ্মাহত । তেওঁৰ জীৱনৰ এক বিশেষ ক্ষণক লৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ বিশেষ প্ৰতিবেদন।

এদিন তেওঁ ফুটবলক শাসন কৰিছিল। কাৰোবাৰ বাবে কুখ্যাত, কাৰোবাৰ বাবে বিখ্যাত আছিল তেওঁ। ১৯৮৬চনৰ কথা, মেক্সিক'ত অনুষ্ঠিত হৈছিল বিশ্বকাপ ফুটবল। সেইদিনা আছিল ২২ জুন। আৰ্জেন্টিনাৰ সন্মুখত ইংলেণ্ড।

আজফেকাৰ ষ্টেডিয়ামত মানুহ আৰু মানুহ। ১লাখৰো ওপৰত দৰ্শক। ফুটবলৰ ছন্দত মানুহবোৰে চিঞৰিছিল। মেচখনৰ প্রথম ভাগত নাছিল কোনো সক্ৰিয়তা। প্রথম অৰ্ধত স্কৰ আছিল ০-০। এখন নিৰস মেচ।

কিন্তু উৎকন্ঠাৰ সীমা নাছিল। হাফ টাইমৰ পাছত আৰম্ভ হৈছিল খেলৰ গতি। আৰ্জেন্টিনাৰ খেলুৱৈ মাৰাডোনা সক্ৰিয়া হৈ পৰিছিল। আৰম্ভ হোৱা ৬মিনিট হৈছিল কি নাই, মাৰাডোনাৰ ভৰিত তেতিয়া বল।

বলটো মাৰাডোনাই ঠেলি দিছিল তেওঁৰ সতীৰ্থ খেলুৱৈ জৰ্জলৈ। সম্পূৰ্ণ নাম জৰ্জ ভেলডান। ভেলডানে ইংলেণ্ডৰ খেলুৱৈ সকলক কাৰ্ছাজী কৰি বল লৈ আগুৱাই গৈছিল। বাধা হৈ পৰিছিল ইংলেণ্ডৰ ডিফেণ্ডাৰ ষ্টিফ হ'জৰ। বল ষ্টিফৰ ভৰিত।

ষ্টিফে বলটো পেনাল্টী বস্কৰ পৰা আঁতৰাই পঠাবলৈ এটা ছ'ট লৈছিল। কিন্তু সেয়া আছিল বিফল প্ৰচেষ্টা। পেনাৰ্টী ইটো মূৰত ৰৈ আছিল মাৰাডোনা। উহ, কি যে এক খেল! মাৰাডোনাৰ কব্জাত তেতিয়া বলটো। মাৰাডোনাই বলটো লৈ আগবাঢ়ি গৈছিল গ'ল পোষ্টৰ দিশে।

সন্মুখত ইংলেণ্ডৰ গ'ল ৰক্ষক পিটাৰ ছিলন্টন। আপুনি কল্পনা কৰক সেই মুহূৰ্তৰ কথা। আন খেল নহয়, বিশ্বকাপৰ ফুটবল। এতিয়াৰ নহয় তেতিয়াৰ। পিটাৰে বলটো পান্স কৰি উফৰাই পঠাবলৈ আগবাঢ়ি আহিছিল কিন্তু মাৰাডোনৰ কাষ পাইছিলগৈ বলটোৱে।

তাৰপাছত কি হ'ল আপুনি কল্পনা কৰিব নোৱাৰে। বলটোৱে মাটি চুব নোৱাৰিলে। মাৰাডোনাই বাওঁহাতে তুলি ধৰা এটা তীব্ৰগতিৰ হেডে ইংলেণ্ডৰ সপোন চাৰখাৰ কৰি দিলে। ইংলেণ্ডৰ গ'ল পোষ্টৰ ভিতৰত তেতিয়া বল।

সকলো অবাক। হৈ গ'ল কি! মাৰাডোনাই তেতিয়া লগৰবোৰক কৈছিল- কিয় ৰৈ আছ'? আনন্দ কৰ, মোক সাৱটি ধৰ। নহ'লে এইটো গ'ল নহ'ব। তলকিব পৰা নাছিল কোনেও একো। ৰেফাৰিৰ দীঘল হুইছেল। ইংগিত কৰি গ'ল হোৱাৰ ঘোষণা। আৰু উল্লাহত ফাটি পৰিছিল মাৰাডোনা।

ইংলেণ্ডৰ খেলুৱৈসকলে একো বুজি পোৱা নাছিল। সেই খেলখন পৰিচালনা কৰিছিল ৰেফাৰী এলি মেনাচিয়াৰে। তেওঁ সেই গ'লটো ঘোষণা কৰাৰ বাবে দ্বিতীয় লাইন মেনৰ সহায় লৈছিল। তাৰপাছত সলনি হৈ গৈছিল এই ফুটবলৰ মেচৰ ফলাফল।

সন্দেহ বহুতৰে আছিল। কিন্তু কোনে কাক মাতে। ইয়াকে কয় ভাগ্য। সেই গ'লটো মাৰাডোনাই হাতেৰে দিছিল। আৰু সকলোৱে বিশ্বাস কৰিছিল সেই হাতখন আছিল ভগৱানৰ। সেই সময়ত এই বিশ্বকাপ ফুটবলৰ ফটোৰ বাবে সাজু থকা এজন মেক্সিকান ফটোগ্ৰাফাৰে কৈছিল- মই যিটো কথা সেই সময়ত ক'ব পৰা নাছিলো, আজি কওঁ, মুকলিকৈ কওঁ- সেই হাতখন ভগৱানৰ নাছিল, আছিল মাৰাডোনাৰ।

এই কথাই চৌদিশে চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ২০০৫চনত মাৰাডোনাই স্বীকাৰ কৰিছিল- হয়, মই হাতেৰে দিছিলো সেই গ'ল। ২০০৮চনত মাৰাডোনাই ইংলেণ্ড ভ্ৰমণৰ সময়ত ইয়াৰ বাবে ক্ষমা বিচাৰিছিল। তেওঁ এটা প্ৰবন্ধত উল্লেখ কৰিছিল- যদি মই উভতি যাব পাৰো, বুৰঞ্জী সলাব পাৰো তেনেহ'লে মই ইয়াকে কৰিব বিচাৰো।

অৱশ্যে এই কথা তেওঁ এখন কাকতত প্ৰকাশ হোৱাৰ পাছত অস্বীকাৰো কৰিছিল। এনেদৰেই মাৰাডোনা বিশ্ববিখ্যাত হৈ পৰিছিল। কিন্তু তেওঁৰ ভৰিত আছিল যাদু। ফুটবল তেওঁৰ প্ৰাণ আছিল। ফেক্টৰীত কাম কৰিছিল তেওঁৰ পিতৃয়ে।

৮জন সন্তানৰ ভিতৰত তেওঁ আছিল ৫ নম্বৰৰ। ১৯৬০ৰ ৩০ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল মাৰাডোনাই। ফুটবলেই তেওঁৰ সকলো আছিল। বহু বিতৰ্কৰে তেওঁৰ জীৱন সমৃদ্ধ। বুছা জুনিয়ৰ লীগ চেম্পিয়নশ্বিপতো তেওঁ খেলিছিল।

১৯৯১চনত তেওঁ ইটালীত ডপিং টেষ্টত উত্তীৰ্ণ হ'ব নোৱাৰি ১৫ মাহৰ বাবে ফুটবলৰ পৰা আঁতৰি থাকিব লগা হৈছিল। কিন্তু হাৰ মনা নাছিল মাৰাডোনাই। ধুমুহা তেওঁৰ জীৱনত বহু গৈছে । ক'কেইন সৰবৰাহৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰাৰ বাবে তেওঁ গ্ৰেপ্তাৰো হৈছে।

এনেবোৰ কাৰণতে তেওঁ বিশ্বকাপৰ পৰা নিলম্বিতও হৈছিল। ২০০০চনতে তেওঁ চিকিৎসাধীন হৈছিল উৰুগ'ইত। ৰিহেবিটেশ্যন চেন্টাৰতো তেওঁ ভৰ্তি হৈছিল। ২০০৪চনত তেওঁ ১০ দিনৰ বাবে আইচিইউতো আছিল। তেওঁ স্বীকাৰ কৰিছিল ড্ৰাগছ তেওঁ সেৱন কৰে।

এনেবোৰ বিতৰ্ক চলিলেও মাৰাডোনা আছিল ফুটবলৰ মধ্যমণি। তেওঁ আকস্মিক মৃত্যুৰ খবৰে এতিয়া সকলোকে ব্যৰ্থিত কৰি তুলিছে। তেওঁৰ ঘনিষ্ঠ সূত্ৰই সদৰি কৰা মতে, হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মাৰাডোনা।

ফুটবলৰ ইতিহাসে তেওঁক কেতিয়াও পাহৰি নিদিয়ে। তেওঁ সদায় একক আৰু অনন্য। খেয়ালী মানুহজনৰ জীৱন বহু বিতৰ্কৰে ভৰা হ'লেও মাৰাডোনা সদায় মাৰাডোনাই। আৰ্জেন্টিনাৰা বাবে তেওঁ নহয়, তেওঁৰ বাবে সদায় ফুটবলৰ ইতিহাসত চৰ্চিত হৈ ৰ'ব আৰ্জেন্টিনা। কিংবদন্তি ফুটবলাৰগৰাকীৰ মৃত্যুত সকলো আজি ভাবুক। ফুটবল ভালপোৱা সকলে কেৱল চিঞৰিছে- মিছ ইউ মাৰাডোনা, মিছ ইউ মাৰোডনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in