স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ’ৰ্টৰ সম্বৰ্ধনা

স্বৰ্ণকন্যা হিমা দাসক দিচাং ৰিজ’ৰ্টৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যখনৰ আগশাৰীৰ ৰিজ'ৰ্ট দিছাং ৰিজ'ৰ্টে স্বৰ্ণকন্যা হিমা দাসক অভিনন্দন জ্ঞাপন কৰে। তাৰকা এথলীটগৰাকীক সোণাপুৰস্থিত ৰিজ'ৰ্টলৈ আদৰি আনি দিচাং পৰিয়ালৰ হৈ অভিনন্দন জ্ঞাপন কৰে স্বত্বাধিকাৰ দিলীপ গগৈ আৰু তেওঁৰ পত্নী জানমণি গগৈয়ে।

সন্ধিয়াৰ ভাগত হিমাক তেওঁৰ প্ৰিয় খাদ্য মাছৰ টেঙা আৰু হাঁহৰ মাংসৰে আপ্যায়ন কৰে। অভিনন্দন গ্ৰহণ কৰি হিমাই ৰিজ'ৰ্টখনক অসমৰ ভিন্ন প্ৰান্তত লুকাই থকা ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰি গুৱাহাটীলৈ আনি উপযুক্ত প্লেটফৰ্ম প্ৰদানৰ ব্যৱস্থা কৰিবলৈকো আহ্বান জনায়।

অসমত আৰু বহুত হিমা ওলাব বুলি আশা প্ৰকাশ কৰি অৰ্জুন বঁটাৰ বাবে মনোনীত এথলীটগৰাকীয়ে জনোৱা এই অনুৰোধ ৰক্ষা কৰিব বুলি জনায় ৰিজ'ৰ্টৰ স্বত্বাধিকাৰীগৰাকীয়ে।

অভিনন্দন অনুষ্ঠানটোত হিমাই দিচাং ৰিজ'ৰ্টৰ পৰিয়ালবৰ্গৰ সৈতে বিহু, হৰিনাম গোৱাৰ লগতে ঢোল বাদনো কৰে। হিমাৰ সৈতে তেওঁৰ প্ৰশিক্ষক নিপন দাসসহ আন কেবাগৰাকী শুভাকাংক্ষীও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in