ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে এতিয়া ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাজতে সাব্যস্ত কৰিলে প্ৰতিবাদ। বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে।

বুধবাৰৰ প্ৰতিবাদস্থলীত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকদ্বয় ডেভিড হাজৰিকা আৰু ৰাহুল ছেত্ৰীয়ে কয়, একালত আছুৰ মজিয়াৰ পৰাই গৈ আজি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল সেইগৰাকী সৰ্বানন্দ সোণোৱাল এতিয়া বিজেপি আৰু আৰএছএছৰ আজ্ঞাবাহী হৈ পৰিছে। সংবিধান বিৰোধী কেবক লৈ ছাত্ৰ-ছাত্ৰী বহি নাথাকে বুলি সকীয়াই দি লগতে কেৱল মন্ত্ৰীত্ব ৰক্ষাৰ স্বাৰ্থত অগপৰ ৩ মন্ত্ৰীয়ে নীৰৱে কেবক মানি লোৱা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে।

বুধবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু বিজেপি সভাপতি ৰঞ্জিৎ দাসৰ প্ৰতিকৃতি লৈ ফাঁচী দি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত প্ৰতিকৃতিসমূহ দাহ কৰে ৰাজপথৰ মাজতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in