ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ আধিপত্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ আধিপত্য

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু, এন এছ ইউ আই, এবিভিপিকে আদি কৰি ছাত্ৰ সংগঠনসমূহৰ সমৰ্থিত প্ৰাৰ্থীৰ পৰিৱৰ্তে আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে নিৰ্দলীয় প্ৰাৰ্থী।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত প্ৰতিকুল বতৰকো নেওচি ছাত্ৰ-ছাত্ৰী সকলে সভাপতি-সম্পাদককে ধৰি মুঠ ১০টা পদৰ বাবে ব্যাপক হাৰত ভোটদান কৰাৰ অন্তত বুধবাৰে ঘোষণা কৰা হয় ফলাফল। ঘোষিত ফলাফল অনুসৰি সভাপতি পদত নিৰ্বাচিত হৈছে কোনো ছাত্ৰ সংগঠনৰ পৰা সমৰ্থন নোলোৱাকৈ অৱতীৰ্ণ হোৱা মৃদুল গগৈ। তেওঁ আছু সমৰ্থিত প্ৰাৰ্থী ৰাজদ্বীপ কলিতাক পৰাস্ত কৰে।

ইপিনে, উপ-সভাপতি পদত পল্লৱ জ্যোতি হাজৰিকা, সাধাৰণ সম্পাদক পদত ৰাহুল ছেত্ৰী, আলোচনী সম্পাদক পদত প্ৰাঞ্জল বৰুৱা, সংগীত সম্পাদক পদত অন্তৰা হাজৰিকা, সাংস্কৃতিক সম্পাদক পদত টাকাও আওমি, তৰ্ক সম্পাদক পদত চন্দ্ৰোপল শইকীয়া, ক্ৰিকেট সম্পাদক পদত অসীম বৰুৱা, ফুটবল বিভাগৰ সম্পাদক হিচাপে ফুটবল সম্পাদক পদত ৰামা চাচা আৰু সমাজ সেৱা সম্পাদক পদত সৌমাৰ জ্যোতি গগৈয়ে জয়লাভ কৰে।

উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৭টা পদৰ প্ৰাথী ইতিমধ্যেই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল। জয়ী হোৱা সকলৰ ভিতৰত ৬জনেই আছিল আছু সমৰ্থিত প্ৰাৰ্থী।

সহকাৰী সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী অভিনৱ চুতীয়া, সাধাৰণ ক্ৰীড়া বিভাগত জুমন কলিতা, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা হিচাপে জানমণি চুতীয়া, সুকুমাৰ কলা বিভাগত মাধুৰ্য মাধৱ শইকীয়া, আন্ত ক্ৰীড়া বিভাগত মানস বৰুৱা সম্পাদক হিচাপে নিৰ্বাচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in