ডিব্ৰুগড়ত তাজিয়াৰ নামত তাণ্ডৱ কৰা এজন যুৱকক গ্ৰেপ্তাৰ…

ডিব্ৰুগড়ত তাজিয়াৰ নামত তাণ্ডৱ কৰা এজন যুৱকক গ্ৰেপ্তাৰ…
  • ডিব্ৰুগড়ত মহৰমৰ তাজিয়াৰ নামত সংঘটিত উশৃংখল ঘটনাৰে জড়িতৰ অভিযোগত এজন গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ফুলকান হুছেইন।
  • ব্যক্তিজনৰ ঘৰ ডিব্ৰুগড়ৰ মিৰ্জাবাগত।
  • তাজিয়া সমদলৰ নামত ৰাস্তাত ৰখাই থোৱা বাহন ধ্বংস কৰাকে ধৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছিল ডিব্ৰুগড়ত।
  • দুখনকৈ ব্যক্তিগত বাহনৰ ক্ষতিসাধন কৰিছিল একাংশ উদণ্ড যুৱকে।
  • বাহন দুখনৰ নম্বৰ আছিল- এ এছ ০৬ ডি ৯৮৪৯ আৰু এ এছ ০৬ কে ৭৭৩৬।
  • এই সন্দৰ্ভত বাহনখনৰ এগৰাকী গৰাকীয়ে ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ।
  • ১০ ছেপ্টেম্বৰ, ২০১৯ত ডিব্ৰুগড় আৰক্ষী থানাত ১৫২৩/১৯ নম্বৰত ৰুজু হৈছিল গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in