ডিব্ৰুগড় ষ্টেট বেংকত মহিলাৰ লগত অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা কৰা লম্পট ৰিতুৰাজ গগৈক শিৱসাগৰত গ্ৰেপ্তাৰ…

ডিব্ৰুগড় ষ্টেট বেংকত মহিলাৰ লগত অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা কৰা লম্পট ৰিতুৰাজ গগৈক শিৱসাগৰত গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, শিৱসাগৰঃ ডিব্ৰুগড় চহৰৰ থানাচাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত মহিলাক অসৎ ব্যৱহাৰৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত কৰা ঘটনাৰ দোষী ৰিতুৰাজ গগৈক আজি নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।১৪ চেপ্তেম্বৰত ডিব্ৰুগড়ৰ ষ্টেট বেংকত এই লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল লম্পটটোৱে। এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ নামৰ এটা লম্পটক। ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল।

শিৱসাগৰ ৰাজ্যিক পৰিবহন বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ৰিতুৰাজ গগৈক।শিৱসাগৰ সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত আৰক্ষীৰ দলে শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জাঁ কৰোতেই কৰায়ত্ব কৰে ৰিতুৰাজক। উল্লেখ্য যে মঙলবাৰে কুচৰিত্ৰৰ ৰিতুৰাজে মহিলাগৰাকীৰ অজ্ঞাতেই বেংকতে অসৎ কাৰ্য্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিলআৰু সমগ্ৰ ঘটনা বন্দী হৈছিল কেমেৰাত।

এই অসৎ কাৰ্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উল্লেখ্য কৰাৰ প্ৰয়োজন যে অভিনেতা হিচাপে পৰিচিত ৰিতুৰাজে বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে।ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ইতিমধ্যে টুইটাৰ যোগে লম্পটটোৰ গ্ৰেপ্তাৰৰ অথা সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in