ত্যাগৰ উৎসৱ মহৰমৰ তাজিয়াত পিষ্টল-তৰোৱাল লৈ চলোৱা উদ্ভণ্ডালিৰ আঁৰত কোন? নীৰৱ কিয় মুখ্যমন্ত্ৰী…

ত্যাগৰ উৎসৱ মহৰমৰ তাজিয়াত পিষ্টল-তৰোৱাল লৈ চলোৱা উদ্ভণ্ডালিৰ আঁৰত কোন? নীৰৱ কিয় মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ মহৰমৰ উপলক্ষে হোৱা তাজিয়াত ডিব্ৰুগড়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।একাংশ উদণ্ড যুৱকে তাজিয়াত অংশ লোৱাৰ নামত চহৰখনৰ ৰাজপথত ৰখাই থোৱা যান-বাহনৰ অনিষ্ট কৰাৰ লগতে হাতত মাৰণাস্ত্ৰ লৈ মুকলিকৈ এই তাজিয়া সমদলত অংশ লৈছিল।

আৰক্ষীৰ সন্মুখতেই তাজিয়া সমদল বাহিৰ কৰাৰ নামত এনে অপ্ৰীতিকৰ পৰিস্থিতি কেতিয়াও পূৰ্বতে ৰাজ্যখনত সংঘটিত হোৱা নাছিল। হাতত দা-তৰোৱাল লৈ সমদলত ভাগ লোৱা ইছলাম ধৰ্মী এচাম উদণ্ড যুৱকে চহৰখনৰ এইচ এছ ৰোডত পাৰ্কিং কৰি থোৱা দীপজ্যোতি বসুৰ এ এছ ০৬ পি ৯৮৪৯ নম্বৰৰ ইটিয়াছ ক্ৰছ, প্ৰতিপল সিঙৰ এ এছ ০৬ কে ৭৭৩৬ নম্বৰৰ ইয়'ন বাহন দুখনৰ গ্লাছ ভাঙি ক্ষতিগ্ৰস্ত কৰিছিল।

মুখত কাপোৰ বান্ধি, হাতত দীঘল অস্ত্ৰ আৰু লোহাৰ ৰড লৈ এই দলটোৱে ইচ্ছাকৃতভাৱে বহু লোকক সংঘৰ্ষৰ বাবে পৰোচিত কৰা সদৃশ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। আনকি সেই পথেৰে অহা-যোৱা কৰা যান-বাহন চালকসকলে এই দলটোৰ পৰা হাত সাৰিবলৈ যান-বাহন ৰখাই দিছিল যদিও, যুৱকৰ দলটোৱে যান-বাহনৰ পিছফালে আঘাত হানি তেওঁলোকৰ অস্তিত্বৰ জাহিৰৰ চেষ্টা চলাইছিল।

আৰক্ষী আৰু প্রশাসনৰ সন্মুখত তাজিয়াৰ নামত প্ৰদৰ্শন কৰা এই উদ্ভণ্ডালিত তৃতীয় পক্ষৰ হাত থকা বুলি সন্দেহ কৰিছে বহু জনে। কিয়নো ত্যাগৰ প্ৰতীক এই তাজিয়াত লাঠি লৈ খেলা পৰম্পৰা আছে যদিও, এনেদৰে হাতত মাৰণাস্ত্ৰ লৈ বা তৰোৱাল লৈ সাধাৰণ লোকক আক্ৰমণ কৰাৰ দৃষ্টান্ত নাই।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ক্ষতিগ্ৰস্ত কৰা বাহনৰ দুই মালিকে এজাহাৰ দাখিল কৰিছে।ধৰ্মৰ নামত সংঘটিত কৰা একাংশ ইছলাম ধৰ্মী যুৱকৰ এই উদ্ভণ্ডালিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰাত বিভিন্ন দল-সংগঠনেও এই ঘটনাক চোকা ভাষাৰে সমালোচনা কৰি ধৰ্মৰ নামত এনে কাৰ্যক কোনো পধ্যেই সহ্য কৰা নহ'ব বুলি সতৰ্ক কৰি দিছে।

ধৰ্মৰ নামত ৰাইজক এইদৰে আতংকিত আৰু হাৰাশাস্তি কৰাৰ কোনো নিয়ম নাই বুলি এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম মুছলিম যুৱ পৰিষদ, ডিব্ৰুগড় শাখাই। পৰিষদৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক কমলোদ্দিন আহমেদে দা, লাঠি , তৰোৱাল লৈ ধৰ্ম ৰক্ষা কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দি এই ঘটনাৰে জড়িত সকলক কঠোৰ শাস্তি বিহাৰ দাবী জনাই প্ৰশাসনক।

মুখ্যমন্ত্ৰীৰ গৃহজিলা ডিব্ৰুগড়ত সংঘটিত এই কাণ্ডক লৈ ছ'চিয়েল মিডিয়াতো চলিছে ব্যাপক চৰ্চা। এনে ঘটনাৰ পৰা যাতে ভৱিষ্যতে আৰু অধিক পৰিস্থিতি অৱনতি নঘটে তাৰ বাবে প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

উল্লেখযোগ্য যে, মহৰম উপলক্ষে ডিব্ৰুগড় পৌৰ সভাই এইচ এছ ৰোড আৰু কে বি পথৰ উপৰিও মানকটা পথৰ কাষত ৰখাই থোৱা যান-বাহন আঁতৰাবলৈ নিৰ্দেশ দিছিল। ৯ ছেপ্টেম্বৰ বিয়লি ৩ বজাৰ পৰা ১০ ছেপ্টেম্বৰ নিশা ৯ বজালৈকে উক্ত পথচোৱাত ন' পাৰ্কিং জ'ন ঘোষণা কৰিছিল ডিব্ৰুগড় পৌৰ সভাই।

তাজিয়া সমদলৰ নামত এচামৰ এই শক্তি প্ৰদৰ্শনৰ প্ৰচেষ্টাক লৈ এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰো। কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ'বলৈ পালে আৰু হাতত চোকা তৰোৱালৰ উপৰিও মুকলিকৈ পিষ্টল লৈ এই সমদলত অংশ লোৱা সকলক কিয় আৰক্ষীয়ে বাধা নিদিলে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

উজনি অসমৰ প্রধান চহৰ ডিব্ৰুগড়ত সংঘটিত এই কাণ্ডৰ পৰাই ৰাজ্যৰ শান্তি-সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে। চৰকাৰে এই কাণ্ড সংঘটিত কৰা অপৰাধী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আন দল-সংগঠনে জংগী প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়াৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ জিলাত সংঘটিত এই ঘটনাৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ ওপৰত সকলোৱে দৃষ্টি ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in