৯ ঘণ্টাৰ পাছতহে ডিব্ৰুগড়ত বন বিভাগে ট্ৰাংকুলাইজ কৰিলে প্ৰকাণ্ড নাহৰফুটুকীটো…

৯ ঘণ্টাৰ পাছতহে ডিব্ৰুগড়ত বন বিভাগে ট্ৰাংকুলাইজ কৰিলে প্ৰকাণ্ড নাহৰফুটুকীটো…

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ প্ৰায় ৯ ঘন্টাজোৰা শ্বাসৰুদ্ধ পৰিস্থিতি আৰু আতংকৰ পাছত অৱশেষত ট্ৰেংকুলাইজ কৰা হ'ল ডিব্ৰুগড়ৰ পল্টনবজাৰ চান্দমাৰিৰ মাতাফ আহমেদৰ পাকঘৰত সোমাই থকা প্ৰকাণ্ড নাহৰফুটুকীটো।

কাজিৰঙা আৰু ডিব্ৰু-ছৈখোৱা পৰা অহা ৫ জনীয়া বনবিভাগৰ চিকিৎসক-বিশেষজ্ঞ দ্বাৰা তিনিবাৰকৈ ট্ৰেংকুইলাজ কৰাৰ পাছতহে অজ্ঞান হয় নাহৰফুটুকীটো। সন্ধিয়া প্ৰায় ৬-৩০বজাত অচেতন বাঘটো উদ্ধাৰ কৰি বনবিভাগে চিকিৎসাৰ বাবে লৈ যোৱাৰ লগতে ডিব্ৰু ছৈখোৱাৰ অৰণ্যৰ মাজত এৰি দিব বুলি জানিবলৈ দিয়ে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে ডিব্ৰুগড়ত থকা বিয়াগোম বনবিভাগৰ ওচৰত ট্ৰেংকুলাইজাৰৰ ব্যৱস্থা নথকা বিষয়টোৱে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে উদঙাই তুলিল ৰাজ্য চৰকাৰৰ বন বিভাগৰ ফুপুলা স্বৰূপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in