নিৰ্মাণৰ ৭ বছৰ পিছতো মুকলি নহ’ল ডিব্ৰুগড়ৰ জাপানীজ এনকেফেলাইটিছৰ চিকিৎসালয়

নিৰ্মাণৰ ৭ বছৰ পিছতো মুকলি নহ’ল ডিব্ৰুগড়ৰ জাপানীজ এনকেফেলাইটিছৰ চিকিৎসালয়

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ  সমগ্ৰ উজনি অসমতে প্ৰতিবছৰে জাপানীজ এনকেফেলাইটিছ ৰোগ আৰু এনকেফেলাইটিছ ৰোগত শ-শ লোক মৃত্যুমুখত পৰা তথা আক্ৰান্ত হৈ বহুতৰে জীৱন ঘূণীয়া হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত স্থাপন কৰিছিল জাপানীজ এনকেফেলাইটিছৰ এখন বিশেষ চিকিৎসালয়।

২০১১ চনত অনুমোদন লাভৰ পিছত ২০১২ চনত বহু কোটি টকা খৰচ কৰি নিৰ্মান কৰিছিল এই চিকিৎসালয়খন। জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক তাৎক্ষণিকভাৱে উন্নত চিকিৎসা প্ৰদানৰ লক্ষ্যৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খন আজি পৰ্য্যন্ত ৰোগীৰ বাবে মুকলি নকৰিলে। ৬০ খন অত্যাধুনিক বিচনাযুক্ত, অত্যাধুনিক চিকিৎসা যন্ত্ৰ থকা উক্ত চিকিৎসালয়খন কি কাৰণে মুকলি নকৰিলে তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

ইউ পি এ চৰকাৰৰ দিনতে ড'নাৰ মন্ত্ৰীৰ সহযোগত কেন্দ্ৰৰ পৰা দিয়া ১০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰাও দিয়া কেইবালাখ টকা ব্যয় কৰি ২০১২ চনত নিৰ্মাণ কৰিছিল চিকিৎসালয়খন। কিন্তু এনকেফেলাইটিছত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ পূৰ্বে এতিয়া যন্ত্ৰ পাতি সমূহ পচি যোৱাৰ উপক্ৰম হৈছে।

জানিব পৰা মতে এই বিশেষ চিকিৎসালয় খনত ৯৮ লাখ টকীয়া MRI মেচিন, এক ডেৰ লাখ টকীয়া বিচনা ৬০ খন য'ত প্ৰতিখনতে ICU সংযোগৰ ব্যৱস্থা আছে (৬০ লাখ টকাৰো অধিক), ৯৫ লাখ টকীয়া আলট্ৰাচাউণ্ড মেচিন, কোটি টকীয়া "চি আৰ্ম' মেচিনকে ধৰি বহু অত্যাধুনিক যন্ত্ৰ স্থাপন কৰিছিল। সেইদৰে চিকিৎসালয়খনত একে সময়তে ১৫/২০ গৰাকী ৰোগীক ভেন্টিলেছনত ৰাখিব পৰা সুবিধাও কৰে লাখ লাখ চৰকাৰী টকা খৰছ কৰি। নিযুক্তি দিয়া হয় নাৰ্চ, স্বাস্থ্য কৰ্মী আদি।

কিন্তু আচৰিত কথা যে ইমানৰ পিছতো যোৱা ৭ বছৰে ৰোগীৰ বাবে মুকলি নকৰিলে চিকিৎসালয়খন। আনকি চৰকাৰী ধন খৰচেৰে নিৰ্মাণ কৰা সাধাৰণ ভৱন এটাৰ আধাৰশিলা স্থাপন কৰিলেও নাম ফলকেৰে উপচাই দিয়া স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ দেৱালত এখন নামফলক লগাবলৈও আহৰি নাপালে। এক কথাত কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা চিকিৎসালয়খন অৰ্থহীন কৰি ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে বিগত বৰ্ষত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই বিষয়টো বিধানসভাৰ মজিয়াতো উথাপন কৰিছিল। সেই সময়ত ৰজাঘৰীয়া প্ৰতিনিধিয়ে ৬ মাহৰ ভিতৰত জাপানীজ এনকেফেলাইটিছ চিকিৎসালয়খন মুকলি কৰিব বুলি আশ্বাস দিছিল যদিও সম্প্ৰতি ফুটুকাৰ ফেনত পৰিণত হ'ল।

এইবাৰো উজনিত জাপানীজ এনকেফেলাইটিছ ৰোগে সংহাৰ ৰূপ ধাৰণ কৰিছে। তথাপি মুকলি নকৰিলে উক্ত চিকিৎসালয়। ফলত ডিব্ৰুগড়ত কাঠ ফুলাৰ দৰে গঢ়ি উঠা নাৰ্চিং হোমসমূহৰ স্বাৰ্থতে চিকিৎসালয়খন মুকলি কৰা নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে। কিয়নো চিকিৎসালয়খনত আই চি ইউ সংযুক্ত ৬০খন বিচনা আছে।

ডিব্ৰুগড়ৰ যিমান বেচৰকাৰী চিকিৎসা প্ৰতিষ্ঠান আছে সেই আটাইবোৰৰ আই চি ইউ লগ লগালেও অসম চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন কৰা জাপানীজ এনকেফেলাইটিছ ছুপাৰ স্পেচিয়েলিষ্ট চিকিৎসালয়খনৰ সমপৰ্যায় নহ'বগৈ। যদিহে এনে হয় বৃহৎ অংকৰ ধন আহৰণৰ পৰা বঞ্চিত হ'ব নাৰ্ছিং হোমসমূহ। এনে কাৰণতে উক্ত চৰকাৰী চিকিৎসালয়খন মুকলি নকৰিলে নেকি? এনে প্ৰশ্নও বৰ্তমান উথাপন কৰিছে সচেতন ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in