ডিব্ৰুগড়ৰ নিৰ্বাচনী ফলাফল, A to Z…

  • ডিব্ৰুগড়ৰ নাচনী পঞ্চায়তত অগপই ৬টা, বিজেপি আৰু কংগ্ৰেছে দুটাকৈ ৱাৰ্ড সদস্যৰ পদ দখল কৰিছে।
  • টিমনা পঞ্চায়তত বিজেপিয়ে ৮টা আৰু কংগ্ৰেছে দখল কৰিছে ২টা ৱাৰ্ড।
  • টিমনা পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ প্ৰাঞ্জল চাংমাই আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত উৰ্চিলা মুড়াৰ জয়।
  • ডিব্ৰুগড়ৰ লাহোৱাল গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ কমলা চাহু বিজয়ী।
  • পঞ্চায়তখনৰ ১০টা ৱাৰ্ড সদস্যৰ পদে বিজেপিৰ দখলত।
  • খোৱাং পঞ্চায়তৰ ১০টা ৱাৰ্ডৰ ৯টাত বিজেপি আৰু এটাত অগপৰ জয়লাভ।
  • আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়লাভ বিজেপিৰ দিগন্ত নেওগ।
  • ইকৰাতলী পঞ্চায়তৰ সভাপতি পদত জয়ী কংগ্ৰেছৰ দ্বিজেন গগৈ।
  • আঞ্চলিক সদস্য পদত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী সীতা কেওটৰ।
  • পঞ্চায়তখনৰ ২টা ৱাৰ্ড বিজেপি আৰু ৮টা কংগ্ৰেছৰ দখলত।
  • আনহাতে, কছাৰী পথাৰ পঞ্চায়তৰ ১০টা ৱাৰ্ডতে বিজেপি জয়লাভ।
  • ইফালে, খনিকৰ গাঁও পঞ্চায়তত কংগ্ৰেছৰ দখল ৭টা, বিজেপিৰ দখলত দুটা আৰু এটা ৱাৰ্ডত কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে সমান ভোট।
  • বগীবিল গাঁও পঞ্চায়তৰ ৯টা ৱাৰ্ড বিজেপিৰ দখলত, এটা ৱাৰ্ড দখল কৰিছে কংগ্ৰেছে।
  • লেঙেৰী গাঁও পঞ্চায়তত বিজেপিৰ দখলত ৬টা আৰু কংগ্ৰেছৰ দখলত ৪টা ৱাৰ্ড সদস্যৰ পদ।
  • সেইদৰে, টেঙাখাত পঞ্চায়তত বিজেপিৰ দখলত ৫টা ৱাৰ্ড, কংগ্ৰেছে পাইছে ৪টা আৰু অগপই দখল কৰিছে এটা ৱাৰ্ড।
  • নাচনী পঞ্চায়তত অগপই ৬টা, বিজেপি আৰু কংগ্ৰেছে দুটাকৈ ৱাৰ্ড সদস্যৰ পদ দখল কৰিছে।
  • টিমনা পঞ্চায়তত বিজেপিয়ে ৮টা আৰু কংগ্ৰেছে দখল কৰিছে ২টা ৱাৰ্ড।
  • টিমনা পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ প্ৰাঞ্জল চাংমাই আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদত উৰ্চিলা মুড়াৰ জয়লাভ।
  • টিংখাঙৰ ঔফুলীয়া গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপি প্ৰাৰ্থী চম্পা তামাং আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য বিনেশ্বৰ টেপাৰিৰ জয়লাভ।
  • চাপৰমুখ জিলা পৰিষদৰ কমাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ পদত বিজেপি প্ৰাৰ্থী ধ্ৰুৱ ৰাংহাং জয়ী।
  • ইফালে, মৰাণৰ দৈদাম পঞ্চায়তৰ সভাপতি পদত বিজেপিৰ মীৰা কয়া বিজয়ী।
  • কাউঞ্চিলাৰ পদত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীয়ে।
  • পঞ্চায়তখনৰ ৯টা ৱাৰ্ডত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে এটা ৱাৰ্ড দখল কৰে কংগ্ৰেছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in