পলৰীয়া মুখ্যমন্ত্ৰী আমাক নালাগেঃ আছুৰ প্ৰৱল প্ৰতিবাদত ডিব্ৰুগড়ৰ বাসগৃহ এৰিলে মুখ্যমন্ত্ৰী সোণোৱালে…

পলৰীয়া মুখ্যমন্ত্ৰী আমাক নালাগেঃ আছুৰ প্ৰৱল প্ৰতিবাদত ডিব্ৰুগড়ৰ বাসগৃহ এৰিলে মুখ্যমন্ত্ৰী সোণোৱালে…

ডিজিটেল ডেস্কঃ কেবৰ বিৰুদ্ধে আছুৰ প্ৰবল প্ৰতিবাদত ডিব্ৰুগড়ৰ লক্ষীনগৰস্থিত বাসগৃহ এৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ত সোমবাৰে আছুৱে মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰি কেব বিৰোধী বিভিন্ন শ্ল'গানৰ লগতে পলৰীয়া মুখ্যমন্ত্ৰী আমাক নালাগে, নাগপুৰত বিক্ৰী যোৱা মুখ্যমন্ত্ৰী নালাগে শ্ল'গানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ।

উল্লেখ্য যে, সোমবাৰে ডিব্ৰুগড় ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে উলিয়াইছিল এটা বাইক ৰেলী। বাইক ৰেলীটোক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সমীপত আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা চলাইছিল যদিও বিফল হয় আৰক্ষী।

মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখেৰে এনেদৰেই গৈছিল প্ৰতিবাদকাৰী।

প্ৰথমে পথত বেৰিকেড দি প্ৰতিবাদকাৰীসকলক বাধা দিছিল আৰক্ষীয়ে। তাৰ পিছতে বাইক এৰি খোজ কাঢ়িয়ে প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ ঘৰৰ দিশে ৰাওনা হয়। মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখত প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰতিবাদৰ সময়ত নিজৰ গৃহতে আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আছুৰ প্ৰতিবাদৰ সময়তে হেলিকপ্টাৰেৰে ডিব্ৰুগড় এৰে সোণোৱালে। প্ৰতিবাদী আছুকৰ্মীৰ মতে, মুখ্যমন্ত্ৰী প্ৰথমে মোহনবাৰীৰ পৰা যোৰহাট অভিমুখে হেলিকপ্টাৰেৰে অহাৰ কথা আছিল যদিও, প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱাত মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত উঠাৰ স্থান সলনি কৰে। ইফালে সমান্তৰালকৈ বিধায়ক প্ৰশান্ত ফুকনৰ ঘৰৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৱে তীব্ৰ কৰি তুলিছে প্ৰতিবাদ। বিধেয়কখনৰ বিৰুদ্ধে ৰাইজৰ মাজতো সজাগতাৰ সৃষ্টি কৰিছে আছুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in