মুখ্যমন্ত্ৰীৰ গৃহ জিলাত আছুৰ জোঁৰ সমদল…

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত আছুৰ জোঁৰ সমদল…

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিজেপি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ হাজাৰ হাজাৰ সদস্যই জোৰ সমদলেৰে ডিব্ৰুগড় চহৰৰ আকাশ বতাহ কঁপাই তোলে। নাগৰিকৰ সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই চহৰৰ মাজমজিয়াৰে জোৰ লৈ প্ৰতিবাদী সমদল কৰে ।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি আছুৰ সদস্যসকলে হুংকাৰ দিয়ে। ৰাইজে বিজেপি চৰকাৰৰ জনবিৰোধী সিদ্ধান্তক কোনো দিনে সমৰ্থন নকৰে বুলি কৈ আছুৰ সদস্যসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি জানিবলৈ দিয়ে।

ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অবিৰত আন্দোলন চলাই যাব বুলি জানিবলৈ দিয়ে । অসমীয়া জাতিয়ে বিধেয়ক বাতিল নকৰা পৰ্যন্ত আন্দোলন কৰি যাব বুলিও তেওঁ জনাই কয়, আছু সদায় ৰাইজৰ সৈতে আছে। কোনো চৰকাৰে ৰাইজৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা কাম কৰিলে তেনে কামৰ বিৰুদ্ধে আছুৱে সদায় অৱস্থান কৰিব।

আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য উদ্দীপ জ্যোতি গগৈয়ে কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি প্ৰেম দেখুওৱাৰ সাহস গোটাওক অন্যথা ৰাইজে তেওঁক কাহানিও ক্ষমা নকৰে। এই আন্দোলনৰ এই আৰম্ভণি হে দৰকাৰ হলে ইয়াত কৈ কঠোৰ আন্দোলন হব। এই প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা আছুৰ সভাপতি লিখন বৰুৱাই বিজেপি আৰু আৰ এছ এছক কঠোৰ সমালোচনা কৰে। জিলা ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱা আঁত ধৰা কাৰ্যসূচী ত নৱনিৰ্বাচিত সভাপতি বুলবুল দত্তৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু সকলো আঞ্চলিকৰ বহু নেতা-কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in