দিহিং-পাটকাইত কয়লাৰ সমান্তৰালকৈ ডিব্ৰু-চৈখোৱাত অইলৰ ৪কোম্পানীয়ে চলাইছে তেলৰ অবৈধ খনন…

দিহিং-পাটকাইত কয়লাৰ সমান্তৰালকৈ ডিব্ৰু-চৈখোৱাত অইলৰ ৪কোম্পানীয়ে চলাইছে তেলৰ অবৈধ খনন…

দিহিং পাটকাইত কয়লাৰ মুক্ত খননক লৈ সংবাদ মাধ্যমৰ লগতে প্ৰকৃতিসংগঠন সমূহো সৰৱ হৈ থকা সময়তে ডিব্ৰু চৈখোৱা বৰ্ষাৰণ্যৰ অৰ্ন্তঃভাগতে প্ৰকৃতিৰ সুৰক্ষা সম্পৰ্কীয় সকলো আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি কেইটামান কোম্পানীয়ে চলাই আছে তেলৰ অবৈধ খনন। অইল ইণ্ডিয়াৰ আৱন্টন সাপেক্ষে চলি থকা প্ৰকৃতি বিধ্বংসী এই তৈল খননে আপুৰুগীয়া অভয়াৰণ্যখনক কিদৰে ধ্বংস কৰিছে তাৰ এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ন চলোৱা হৈছিল অসমীয়া প্ৰতিদিনৰ তৰফৰ পৰা। তাৰেই আধাৰত ধ্ৰুৱজ্যোতি সাহাই যুগুতাইছে এক বিশেষ প্ৰতিবেদন..

এসময়ত 'তেজ দিম, তেল নিদিও' শ্ল'গান দি মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত হোৱা তথাকথিত 'জাতীয় নায়ক' সৰ্বানন্দ সোণোৱালৰ গৃহ ভূমিত সম্প্ৰতি চলিছে তেল খননৰ অঘোষিত অবৈধ প্ৰতিযোগিতা৷ বন ঘোঁৰা পোৱা একমাত্ৰ স্থান ডিব্ৰু-চৈখোৱাত বন্যপ্ৰাণী আইনক অংগুষ্ঠ প্ৰদৰ্শনেৰে ৭টাকৈ তেলৰ খাদ নিৰ্বাচিত কৰি তেল খনন কৰাৰ ব্যৱস্থা কৰিছে অইল ইণ্ডিয়াই৷

উল্লেখ্য যে অসমৰ ৰাজ্যিক চৰাই, আপুৰুগীয়া দেওহাঁঁহৰ আৱাসভূমি, ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিহু, কেইবাটাও প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া ম'হ, বাঘ, হাতী, বন বোন্দা, উদ, মাছুৱৈ মেকুৰী, উৰণীয়া কেৰ্কেটুৱা, হলৌ বান্দৰ, শিহুৰ লগতে বিভিন্ন বৃক্ষ-লতাৰ আৱাসভূমি এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান৷

উদ্যানৰ কাষৰীয়া এলেকাৰ বাসিন্দা, প্ৰকৃৃৃৃতি সুৰক্ষাৰ প্ৰশ্নত বিভিন্ন সময়ত মাত মাতি অহা নিৰন্ত গোঁহায়ে 'অসমীয়া প্ৰতিদিন'ক কয়, ব্ৰিটিছৰ দিনতে ১৮৯০ আৰু ১৯২৯ চনত ডিব্ৰু আৰু ছৈখোৱা বনাঞ্চলক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৯৫ চনত দুয়োখন সংৰক্ষিত বনাঞ্চলৰ লগতে কিছু পাৰ্শ্বৱৰ্তী এলেকা সামৰি ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰাৰ পাছত ১৯৯৭ চনত ৩৪০ বৰ্গ কিঃমিঃ অঞ্চলক ক'ৰ জ'ন আৰু ইয়াৰ কাষৰীয়া ৩৮খন ৰাজহ গাঁও তথা সংলগ্ন অন্য এলেকাক বাফাৰ জ'ন হিচাপে লৈ ৭৬৫ বৰ্গ কিঃমিঃ অঞ্চলক ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল হিচাপে ঘোষণা কৰা হয়।

এই স্থানৰ গুৰুত্ব বুজিয়েই ১৯৯৯ চনত ৩৪০ বৰ্গ কিঃমিঃৰ অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হয়৷ আনহাতে, এই উদ্যানৰ ১০ কিমি ব্যাসাৰ্দ্ধ এলেকাত উন্নয়নৰহিত অঞ্চল হিচাপে ঘোষণা কৰি কোনো ধৰণৰ উদ্যোগিক কৰ্ম কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

কিন্তু, আশ্চৰ্যজনকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিতে সাতটাকৈ তৈল খাদৰ বাবে অইল ইণ্ডিয়াক দায়িত্ব অৰ্পণ কৰা হৈছে৷ অভিযোগ মতে, মাটিৰ তলৰে পাইপ বহুৱাই অত্যন্ত সংগোপনে তৈল খান্দি নিয়াৰ পৰিকল্পনাক লকডাউনৰ মাজত চৰকাৰীভাৱে অনুমতি প্ৰদান কৰা হয়৷ সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ গাতে লাগি থকা বাঘজান এলেকাত তৈল খাদৰ পৰা অহৰহ জ্বলি থকা তথা মেচিনৰ শব্দই যথেষ্ট প্ৰদূষণৰ সৃষ্টি কৰিছে৷

ইয়াৰ ফলত, ডিব্ৰু-চৈখোৱাৰ জৈৱতন্ত্ৰত ভয়াবহ প্ৰভাৱ পৰিব বুলিও জনা গৈছে৷ ইপিনে, পৰিৱেশতন্ত্ৰৰ ক্ষতি হ'ব পৰা প্ৰতিটো কাম বন্ধ কৰাৰ আহ্বানেৰে ডিব্ৰু-চৈখোৱাৰ বাঘজানত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বৰ এটা দল৷

এই দলটোত আছিল জ্যেষ্ঠ সাংবাদিক মনজিত মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, চি পি আই (এম এল) নেতা বিবেক দাস, কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি, কা বিৰোধী নেত্ৰী মীৰা বৰঠাকুৰ, বিশিষ্ট চিন্তাবিদ পৰেশ মালাকাৰ, জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহ, সম্পাদক প্ৰণৱ দলে।

এই অবৈধ কাৰ্যৰ বিৰোধিতা কৰি সাংসদ ভূঞাই কয় যে জৈৱতন্ত্ৰৰ বাবেই ডিব্ৰু-চৈখোৱাই বিশ্বৰ মানচিত্ৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ কিন্তু, চৰকাৰী পৃষ্ঠপোষকতাত এয়া ধ্বংস কৰিবলৈ ওলোৱাটো গৰিহণাযোগ্য৷ আনহাতে, জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনক ৰাইজে আহ্বান জনাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দি ডিব্ৰু-চৈখোৱাৰ পৰিৱেশতন্ত্ৰ ধ্বংস কাৰ্য বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in