ধূপধৰাত শিল্পী দিৱস পালন

ধূপধৰাত শিল্পী দিৱস পালন

ডিজিটেল সংবাদ, ধূপধৰাঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধূপধৰাতো বৃহস্পতিবাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়৷ ধূপধৰাৰ ৰূপজ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা শিল্পী দিৱস উপলক্ষে আয়োজন কাৰ্যসূচীৰ আঁত ধৰে ৰূপজ্যোতি শাখা সভাৰ সম্পাদক নবকুমাৰ মিশ্ৰই৷  শাখা সাহিত্য সভা ভৱন প্ৰাংগণত অনুষ্ঠিত শিল্পী দিৱসৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে শাখা সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণমোহন দাসে৷

আনহাতে অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আলোকপাত কৰে ক্ৰমে- কৃষ্ণমোহন দাস, ড: আব্দুল হক আহমেদ, ডা: ফাৰুক আখতাৰ, ড: এম জি সিংহ, দিলুৱাৰা বেগম, গোকুল চন্দ্ৰ দাস প্ৰমুখ্যে কেবাগৰাকী বক্তাই ৷ ইফালে একেটা অনুষ্ঠানতে শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত অনন্ত কুমাৰ দাসৰ প্ৰতিচ্ছবি উন্মোচন কৰাৰ উপৰি তেওঁৰ ত্যাগৰ স্মৰণ কৰা হয় ৷

উক্ত অনুষ্ঠানটোত বিশিষ্ট লেখক গোকুল চন্দ্ৰ দাসৰ এখন গ্ৰন্থ উন্মোচন কৰে ৰূপজ্যোতি শাখা সভাৰ সভাপতি জ্ঞানশংকৰ খাখলাৰীয়ে ৷ অনুষ্ঠানত নিকিতা খাখলাৰীয়ে জ্যোতি সংগীত পৰিৱেশন কৰাৰ উপৰিও শেষত অসম সংগীত 'অ মোৰ আপোনাৰ দেশ' পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in