ধূপধৰাত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাঁহ

ধূপধৰাত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাঁহ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ ধূপধৰাত মঙলবাৰে নিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত এখন ব্যৱসায় প্ৰতিষ্ঠান আৰু এটা বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ ধূপধৰাৰ বাণিয়াপাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ৰণজিৎ বণিক্য নামৰ লোকজনৰ চৌহদত ভাড়াত দিয়া ৰতন শৰ্মা নামৰ লোকজনৰ এখন মটৰ পাৰ্চৰ দোকান আৰু প্ৰতিষ্ঠানখনৰ লগতে বসবাস কৰা কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

অগ্নিকাণ্ডত মটৰ পাৰ্চৰ দোকানখনৰ লগতে আন কোঠা কেইটাত জুই জ্বলাত কোঠাৰ ভিতৰত থকা সকলো সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হৈছে জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে স্থানীয় ৰাইজে ৷ জুইৰ সূত্ৰপাত হোৱাৰ কিছুসময় পিছতে স্থানীয় ৰাইজে বালি আৰু পানীৰে জুই নুমোৱাৰ চেষ্টা কৰে আৰু এই জুই অইন ঠাইলৈ বিয়পি পৰাৰ পৰা কোনোমতে ৰক্ষা পৰে ৷

পিছত ঘটনাস্থলীত চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত কেবা লক্ষাধিক টকাৰ সম্পত্তি ক্ষয়ক্ষতি হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ধূপধৰা বজাৰত কেইবাৰো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ সেয়ে স্থানীয় ৰাইজ আৰু ব্যৱসায়ী সকলে ধূপধৰাত এখন অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন কৰিবলৈ বিভাগীয় কতৃপক্ষ আৰু ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যদিও আজিলৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কতৃপক্ষ তথা চৰকাৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in