ধূপধৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

ধূপধৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ জিলাখনৰ ধূপধৰাৰ জ্যোতিগাঁও ডুমাপাৰাত শনিবাৰে সন্ধিয়া বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়৷ জানিব পৰা মতে, বনৰীয়া হাতীয়ে গাঁওখনৰে এজন লোকৰ ঘৰ ভাঙি থৈ যোৱা বাসগৃহটো চাবলৈ যাওঁতেই পথত দুটা বনৰীয়া হাতীৰ সন্মুখীন হয় লোকজন৷

সেই সময়তে লোকজনে দৌৰাৰ চেষ্টা কৰিছিল যদিও পথতে উবুৰী খাই পৰাত হাতী দুটাই গচকি আক্ৰমণ কৰে৷ পিছত গুৰুতৰভাৱে আহত লোকজনক স্থানীয় লোকে ততাতৈয়াকৈ ধূপধৰাৰ বিকালী মডেল হাস্পতালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও লোকজনৰ মৃত্যু হয় বুলি চিকিৎসকে জনায়৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজন জ্যোতিগাঁৱৰ বিৰাজ কছাৰী বুলি জানিব পৰা গৈছে৷

দুটি সন্তানৰ পিতৃ তথা বিৰাজ কছাৰী ধূপধৰাৰ বিকালী মৌজা উন্নয়ন সমিতিৰ এগৰাকী কৰ্মচাৰী আছিল৷ উল্লেখযোগ্য যে, গোৱালপাৰা জিলাৰ ধূপধৰা, ধনুভাঙা, ৰংজুলি আদি অঞ্চলসমূহত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগে আজিলৈ এই অঞ্চলসমূহৰ পৰা হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিওৱাৰ কোনো ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in