ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক

ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে  উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক

ডিজিটেল সংবাদ, ধূপধৰাঃ ধূপধৰা থানাৰ অন্তৰ্গত পদুপাৰা গাঁৱত বিল এখনৰ পানীত পৰি মৃত্যু হোৱা এটি শিশুৰ মৃতদেহ শনিবাৰে আৰক্ষীয়ে কবৰ খান্দি উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বহু অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাই জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে যোৱা ওঠৰ জুলাই তাৰিখে ধূপধৰাৰ পদুপাৰাত বিল এখনৰ পানীত পৰি প্ৰায় ডেৰ বছৰীয়া এটি শিশুৰ মৃত্যু হৈছিল৷ জানিব পৰা মতে পদুপাৰা গাঁও নিৱাসী আতাউৰ ৰহমান নামৰ লোকজনৰ কন্যা শিশুটি বহু সময় সন্ধানহীন হোৱাৰ পিছত ঘৰৰ পিছফালে থকা বিলখনৰ পানীত মৃত অৱস্থাত উদ্ধাৰ হৈছিল শিশুকন্যাটিৰ মৃতদেহ।

পিছে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত নকৰাকৈয়ে মৃতদেহ কবৰ দি সৎকাৰ কৰিছিল৷ পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী তথা জিলা প্ৰশাসন অৱগত হয় আৰু সেইমৰ্মে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়৷ সেই অনুসৰি শনিবাৰে ধূপধৰা আৰক্ষীয়ে পদুপাৰা গাঁৱত উপস্থিত হয় আৰু দণ্ডাধীশৰ উপস্থিতিত ইতিমধ্যে কবৰ দি সৎকাৰ কৰা শিশুটিৰ মৃতদেহ নীতি নিয়ম অনুসৰি পুনৰ কবৰ খান্দি উদ্ধাৰ কৰা হয়।

সমগ্ৰ ঘটনাৰ তদন্তৰ স্বাৰ্থতেই সকলো নীতি নিয়ম অনুসৰিয়েই কবৰ খান্দি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ কবৰৰ পৰা খান্দি উলিৱাই অনা মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in