ধূপধৰাত ‘কা’ৰ বিৰোধিতাৰে ৰণশিঙা…

ধূপধৰাত ‘কা’ৰ বিৰোধিতাৰে ৰণশিঙা…

ডিজিটেল সংবাদ, ধূপধৰাঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে ধূপধৰাতো বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিলৰ দাবীত 'ৰণশিঙা' কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ধূপধৰাতো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় দল সংগঠনৰ লগতে ৰাইজৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পুৱা ১১ বজাৰ পৰা বিয়লি ২ বজালৈ ধূপধৰা বাছ আস্থানৰ সমীপতে তথা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰূপায়ণ কৰা ৰণশিঙা কাৰ্যসূচীত 'কা' আমি নামানো, জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰক, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে ৷

তিনিঘণ্টা ধৰি চলা ৰণশিঙা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহিলা সকলে নাম গাই চৰকাৰৰ সুমতি কামনা কৰাৰ লগতে, গীত গাই , কবিতা আবৃতিৰে 'কা' ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন দল- সংগঠনৰ ডেৰ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা ৰণশিঙা কাৰ্যসূচীত নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ শীঘ্ৰে বাতিল নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে আছু নেতৃত্বই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in