ধূপধৰাত নৈশ বাছ-বলেৰ’ পিকআপৰ সংঘৰ্ষ, ৩ নিহত , আহত ৪

ধূপধৰাত নৈশ বাছ-বলেৰ’ পিকআপৰ সংঘৰ্ষ, ৩ নিহত , আহত ৪

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ ধূপধৰাত নৈশ বাছ আৰু বলেৰ' পিক আপৰ মাজত মুখামুখি সংঘৰ্ষ ৷ ধূপধৰাৰ বাণিয়াপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুঁৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আন ৪ জন নৈশ বাছৰ যাত্ৰী আহত হয় ৷

দুৰ্ঘটনাত নিহত বলেৰ পিক আপ গাড়ীখনৰ নিহত লোক কেইজনৰ এতিয়ালৈ পৰিচয় ওলোৱা নাই ৷ জানিব পৰামতে এ এছ ২৬ চি ৬০৩৬ নম্বৰৰ বলেৰ' পিক আপ গাড়ীখন গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত এএছ ০১ এফ চি-০৪০১ নম্বৰৰ নৈশ বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়৷

ফলত বলেৰ' পিক আপ গাড়ীখনৰ চালকজনৰ লগতে আন এজন আৰোহী থিতাতে নিহত হয় ৷ এজন আৰোহী চিকিৎসালয়ত মৃত্যু হয়। ইফালে নৈশ বাছখনৰো চাৰিজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত লোক কেইজনক ধূপধৰা আৰক্ষীয়ে প্ৰথমে ৰংজুলিলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in