দেওবাৰৰ পৰা আৰম্ভ ধূপধৰা ব্যৱসায়ী সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান…

দেওবাৰৰ পৰা আৰম্ভ ধূপধৰা ব্যৱসায়ী সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান…

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ দুৱাৰমুখ তথা পূৱ প্ৰান্তৰ ব্যৱসায়ৰ প্ৰাণ কেন্দ্ৰ স্বৰুপ ধূপধৰাত ১৯৬৯ চনৰ ১৭ জুন তাৰিখে গঠন হোৱা ধূপধৰা ব্যৱসায়ী সন্থাই চলিত বৰ্ষৰ অহা ১৭ জুন তাৰিখে পূৰ্ণ কৰিব পঞ্চাশটি বছৰ ৷

সেই উপলক্ষে ইতিমধ্যে যোৱা বৰ্ষৰ পৰা আৰম্ভ হোৱা বৰ্ষজোৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে ৷ সেই অনুসৰি দেওবাৰে সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিক্ষানুষ্ঠানৰ শিশু তথা বয়োজ্যেষ্ঠ সকলৰ মাজত চকুত কাপোৰ বান্ধি হাঁহ ধৰা, কুকুৰা যুঁজ, টেকেলিত কোবোৱা আদি বিভিন্ন আকৰ্ষণীয় খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

আনহাতে অহা ১৭ জুন তাৰিখে পুৱা পঞ্চাশখন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ উপৰি ওঠৰ জুন তাৰিখে পুৱা বিভিন্ন জাতি জনগোষ্ঠী তথা ভাষা, ধৰ্ম নিৰ্বিশেষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব ৷ একেদিনাই অন্তৰংগ আলাপৰ উপৰি দুপৰীয়া বাৰ বজাত সন্থাৰ সভাপতি দীপক হাজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা ৷

মুকলি সভাত মুখ্য বক্তা হিচাপে গুৱাহাটী প্ৰাগজ্যোতিষ কলেজৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক অতনু কুমাৰ চৌধুৰী, মুখ্য অতিথি হিচাপে বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি হৰ্ষণ বসুমতাৰীৰ উপৰি ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মলিনা দেৱী ৰাভা, কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি মহাবীৰ জৈন, দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ মুকলি সভাতে সোণালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব ৷

ইফালে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে সোণালী জয়ন্তী উৎসৱৰ সামৰণি পৰিব বুলি দেওবাৰে আয়োজিত এক সংবাদমেলযোগে জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷ উল্লেখযোগ্য যে, ধূপধৰা ব্যৱসায়ী সন্থাই জন্ম লগ্নৰে পৰা অঞ্চলটোৰ যিকোনো সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, সাহিত্য সম্পৰ্কীয় বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ উদযাপন সমিতিয়ে বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত সকলো স্তৰৰ লোকৰ সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in