ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত দুধনৈ-ধূপধৰা-শোলমাৰীত মানৱ শৃংখল

ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত দুধনৈ-ধূপধৰা-শোলমাৰীত মানৱ শৃংখল

ডিজিটেল সংবাদ, ধূপধৰাঃ আন্দোলনত পুনৰ কঁপিছে ৰাভা হাছং এলেকা। চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা প্ৰদানৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ প্ৰতিবাদত তিনিটাকৈ ৰাভা জাতীয় সংগঠনে ইতিমধ্যে দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

শুকুৰবাৰে ধূপধৰাৰ লগতে গোৱালপাৰা জিলাৰ ক্ৰমে দুধনৈ আৰু শোলমাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো গোৱালপাৰা জিলা নিখিল ৰাভা ছাত্ৰ সন্থা অৰ্থাৎ আৰছু, জিলা ৰাভা মহিলা পৰিষদ আৰু জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ধূপধৰাৰ মানৱ শৃংখল কাৰ্যসূচীত ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহিধৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক অসীম ৰাভা, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক তিলক ৰাভা, আই টি ডি পিৰ চেয়াৰমেন তপন কুমাৰ ৰাভা, ৰাভা মহিলা পৰিষদৰ সম্পাদিকা কবিতা ৰাভা প্ৰমুখ্যে ৰাভা জাতীয় সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গোৱালপাৰা জিলাৰ তিনিও ৰাভা সংগঠনে জোঁৰ সমদল, চাইকেল ৰেলীৰে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ যদিও এতিয়ালৈকে চৰকাৰে কোনোধৰণৰ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই ৷ ইফালে ইয়াৰ পিচতো যদি চৰকাৰে ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচী প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ হাতত নলয় তেন্তে ৰাভা হাছং এলেকাত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি তিনি সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in