ধূপধৰাত বাছৰ চেপাত মৃত্যু এজনৰ…

ধূপধৰাত বাছৰ চেপাত মৃত্যু এজনৰ…

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ ধূপধৰাত দেওবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী কিন্নৰ থিতাতে নিহত হয়৷ চলন্ত বাছত উঠিবলৈ লওঁতেই পিচৰ চকাৰ তলত পৰি থিতাতে নিহত হয় কিন্নৰগৰাকী৷

জানিব পৰামতে, গুৱাহাটীৰ পৰা আহি থকা এএছ ১৭বি ৮০৮৭ নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছ এখন ধূপধৰাত কিছুসময় ৰখোৱাৰ পিচত পুনৰ বাছখন চলিব ধৰোতে দুজন কিন্নৰ বাছখনত উঠিবলৈ চেষ্টা কৰে৷ সন্মুখত থকা একমাত্ৰ দুৱাৰখনেৰে এগৰাকী কিন্নৰ বাছখনত উঠিবলৈ সক্ষম হয় যদিও আনজন কিন্নৰ চলন্ত বাছখনত দৌৰি দৌৰি উঠিবলৈ লওঁতেই দুৰ্ঘটনাবশত বাছখনৰ চিৰিৰ পৰা পৰি যায় ৷

তাৰপাছত কিন্নৰজনৰ দেহৰ ওপৰেৰে বাছখনৰ পিছৰ চকা উঠি যায়৷ ধূপধৰা দৈনিক বজাৰৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৰূপচানা নামৰ কিন্নৰগৰাকী৷ নিহত ৰূপচানাৰ ঘৰ দক্ষিণ কামৰূপ জিলাৰ জামবাৰীত বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাৰ পাছতে বহু সহযোগী কিন্নৰ ঘটনাস্থলীত উপস্থিত হয়৷ গুৱাহাটী পৰা ধুবুৰী অভিমুখী বাছখন ধূপধৰা থানাত পাছত আত্মসমৰ্পণ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in