ধূপধৰাৰ এন আৰ চি কেন্দ্ৰত বায়’মেট্ৰিক কৰাৰ নামত টকা লৈ জে’লত সোমাল ৪ কৰ্মচাৰী, VIDEO

ধূপধৰাৰ এন আৰ চি কেন্দ্ৰত বায়’মেট্ৰিক কৰাৰ নামত টকা লৈ জে’লত সোমাল ৪ কৰ্মচাৰী, VIDEO

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ ধূপধৰাত এন আৰ চিৰ বায়'মেট্ৰিক লোৱাৰ নামত টকা লৈ আৰক্ষীৰ জালত পৰিল চাৰি এন আৰ চি বায়'মেট্ৰিক টিমৰ কৰ্মী৷ ধূপধৰাৰ কোঠাকুঠি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ এন আৰ চি কেন্দ্ৰত শুনানীৰ পিচত গ্ৰহণ কৰা বায়'মেট্ৰিকৰ বাবদ প্ৰতিজন ব্যক্তিৰ পৰা ৮০ (আশী) টকাকৈ লোৱাৰ অভিযোগত আৰক্ষীয়ে বুধবাৰে আটক কৰে বৰষা দাস, মৃণাল কলিতা, কৰুণা বিশ্বাস আৰু চৰিফুল আহমেদ নামৰ কৰ্মীকেইজনক।

অভিযোগ মতে বুধবাৰে দক্ষিণ কামৰূপৰ সোনতলীৰ পৰা এন আৰ চিৰ শুনানীলৈ অহা কেবাগৰাকী ব্যক্তিৰ পৰা শুনানী গ্ৰহণ কৰাৰ অন্তত বায়'মেট্ৰিক গ্ৰহণ কৰে৷ বায়'মেট্ৰিক গ্ৰহণ কৰাৰ অন্তত বায়'মেট্ৰিকত নিয়োজিত কৰ্মীয়ে প্ৰতিজন ব্যক্তিৰ পৰা অবৈধভাৱে ৮০ টকাকৈ সংগ্ৰহ কৰে৷ ইয়াৰ মাজতে একাংশ লোকে টকা দিবলৈ সন্মত নোহোৱা বাবে সেই ব্যক্তিসকলৰ লগত বায়'মেট্ৰিক কৰ্মীয়ে তৰ্কত লিপ্ত হয়।

ইফালে টকা নিদিয়াৰ বাবেই কৰ্মচাৰী এগৰাকীয়ে বায়'মেট্ৰিক গ্ৰহণ কৰাৰ পিচত এজন লোকক দিয়া নথি ফালি দিয়াৰ লগতে যি কৰে কৰিব বুলিও ধমক দিয়াৰ অভিযোগ উঠিছে। অভিযোগ মতে টকা নিদিলে বায়'মেট্ৰিক তথ্য জমা নিদিয়াৰো ভাবুকি প্ৰদান কৰে এগৰাকী মহিলা কৰ্মীয়ে৷ পিচত কেন্দ্ৰটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে এই সন্দৰ্ভত সৃষ্টি হোৱা হুলস্থলীয়া পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও পিচলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ইয়াৰ পিচতে ধূপধৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু এগৰাকী মহিলাসহ চাৰিগৰাকী বায়'মেট্ৰিক কৰ্মীক আটক কৰি ধূপধৰা থানালৈ লৈ আহে৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত ধূপধৰা থানাত ১১৭/১৯ নম্বৰত আইপিচি ৪২০/৩৪ ধাৰাত এক গোচৰ ৰুজু কৰা হয় আৰু আটাইকেইগৰাকী ধৃত ব্যক্তিকে গ্ৰেপ্তাৰ কৰি গোৱালপাৰাৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in